ইহ পৰ লোকে সদায়ে দিয়োক,
সৎসঙ্গ ভকতি নাম।
এহি মোৰ হৌক সভা সদ লোক,
ডাকি বোল ৰাম ৰাম॥
⸻
পদ।
এহি মতে আছন্ত গোপালদেৱ যাই।
গদাধৰ ভণ্ডাৰীৰ গৃহত লুকাই॥
দেৱাৱি শ্ৰীপতি আতা লগত আছয়।
বৃদ্ধ গদাধৰো সদা সঙ্গতে থাকয়॥
তিনিয়ো সদায়ে বসি প্ৰসঙ্গ নেৰয়।
ভকত সবক স্মৰি প্ৰসঙ্গ কৰয়॥
ভকত সবক স্মৰি শৰীৰ পোড়য়।
মহা মৰ্ম্মে দেৱৰ শৰীৰ নসহয়॥
মকমকি ক্ৰন্দন কৰিয়া খনো থাকে।
পাছে ধৈৰ্য্য ধৰি শাস্ত্ৰ জ্ঞান চক্ষু ঢাকে॥
কদাচিৎ হৰি লীলা স্মৰিয়া হাসয়।
ভকতকো দুঃখ দিয়া হৰিয়ে ক্ৰীড়য়॥
গদাধৰে বোলে প্ৰভো দেখিলে ইহাক।
বৈষ্ণৱ সবৰো মিলে বিঘিনি বিপাক॥
নৰ নাৰায়ণ ৰাজা কোপ কৰি মনে।
শ্ৰীশঙ্কৰকো দিলা ভোটৰ কাৰণে॥
গৃহ বেঢ়িলাত শীঘ্ৰে শঙ্কৰ পলাইলা।
নাৰায়ণ মাধৱক গৃহতে ধৰিলা॥
দুয়ে মহন্তক নিয়া ভোটত বিকিলা।
ভোটেও প্ৰবন্ধে তেবে বান্ধি ধৰি নিলা॥
পাঞ্চ দিন পন্থ গৈল ভোটৰ হাতত।
নিশা ভৈলে আতি দুঃখ পাৱে বন্ধনত॥