পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৬
অসমীয়া সাহিত্যৰ চানেকি।

দেহৰ যতেক অধিকাৰী ছিল,
 সবাৰো গুচিব দায়ে।
যমৰ লেপ ভিতৰে পশিলে,
 যমে সে নাথ সাদায়ে॥
হৰিৰ চৰণে  শৰণ নপশি,
 নামত নকৰি ৰতি।
কহে অনিৰুদ্ধে   দূতৰ হাতৰ,
 এড়াইবে কাৰ শকতি॥

⸺⸺

ৰাগ শ্ৰীগৌৰী।

ভজ মন গোবিন্দ চৰণ, চিন্তা নাই। .
ভাৰতে মানবী তনু সেন্থৰে নপাই॥
জ্ঞান বিজ্ঞানৰ হেতু নৃদেহৰ মন।
কি সুখ লভিবি ত্যজি গোবিন্দ স্মৰণ॥
কীটে বাঘপৰুৱাক স্মৰিয়া সতত।
হোৱে বাঘপৰুৱা সেহিতো শৰীৰত॥
এতেকে দেখিয়ো কেন স্মৰণৰ বল।
যেই যাক স্মৰে তাৰ নুহিকে বিফল॥
জানিয়া ভজিয়ো হৰি বিষয়ক এৰি।
আশাৰ বিষয় যোনি তাতে কৰ খেড়ি॥
নাম লৈয়া হৰি পদে ভজিয়ো সতত।
কহে অনিৰুদ্ধ বিষয়ত উনমত্ত॥

⸺⸺

ৰাগ নাট।

  তায়া, ই কেনে নমন মনে।
ও দেহ কুটলে জ্যোতি টুটব,
 ঘিণ কৰে সৰ্ব্ব জনে॥