এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অনিৰুদ্ধ।
গীত
| জয় পীতাম্বৰ, | বন্দুলি অধৰ, |
| কুন্দ কেৰি কোৰ, | দশনক জোৰ, |
| সুমনস তিল, | নাসা তথি মিল, |
| অলিকো যুগল, | নয়ন উজুল, |
| ভ্ৰূৰ কাম চাপ, | পেখি হৰে তাপ, |
| মুহ পূৰ্ণ ইন্দু, | তাহে সেদ বিন্দু. |
| চিবুক সুঠান, | হেৰি হৰু প্ৰাণ, |
| কণ্ঠ কম্বু তুল, | দীৰ্ঘ চাৰু থুল, |
| মৃণালক মুল, | ভুজ দুহু তুল |
| সিংহ বন্ধে যান্তি, | হৃদি বৰু কান্তি৷ |
| পুষ্কৰক তুল, | নাভিকহু মূল, |
| ইভ পাণি সম, | উৰু মনোৰম, |
| জঙ্ঘা দুহু কান্তি, | পেখি হৰে ভ্ৰান্তি, |
| চৰণ বিৰাজে, | মঞ্জীৰ তা বাজে, |
| অঙ্গুলিক পান্তি, | ৰত্ন সম কান্তি, |
| নখ মণি জোড়, | চন্দ্ৰ দশ থোড়, |
| পদ তল ৰাতা, | ভক্ত তাপ ত্ৰাতা, |
| কৃষ্ণক সমান, | নাহি ৰূপ জান, |
| দেৱকান্দি দেৱা, | জানি কৰু সেৱা, |
| কৃষ্ণকেৰি নাম, | ধৰ্ম্ম অনুপাম, |
| জানি মহা ধৰ্ম্ম, | হৰিনাম কৰ্ম্ম |
| সহস্ৰ বয়ন, | গাৱে অনুক্ষণ, |
| পৰম গোপ্যনি, | ধৰ্ম্ম শিৰোমণি, |
| আন ভক্তি যত, | নামৰ শেষত, |