৬২৮ অসমীয়া সাহিত্যৰ চানেকি। ১৩। ৰৌ মাছে পোনাদিলে গছৰ আগত। চিলনীয়ে কিবা খাই এমুৱা দিনত। ১৪। পানীৰ ওপৰে খেতি বামত ধৰে মাছ। খৰাহিত ভাত সিজাই তাতে পাবা সচ। ১৫। ভৰি এৰি বিৰলিয়ে সভাত বহিছে। চল পাই নিগনিয়ে গলত ধৰিছে। ১৬। ৰাইজওঁ ৰাজাৰ শৰণ।। ঘৈনীয়ে মাছ খাই বোন্দাৰ মৰণ। ১৭। বাপে পোৱে কটাকটি মায়ে সৈতে বিয়া। মূৰত উঠি হাগা যদি তেহে বুজা দায়া।। ১৮। দাঁত নাই শিল চোবাই দুই হাতে ধৰি। গছৰ আগত হাল বাই ভৰাল বান্ধে কুৰি। ১৯। পাচি পাচি কৰি মাছ ধৰিছে ভেটাত। ঘৰলৈ আহি ককাইৰে খাই শুদা ভাত। ২০। ধৰিবা জনম লাখুতি চলাই মাতিলে নেয়াবা দেই। খেতি বাতি নকৰাকৈ ঘৰতে বহি খাবলৈ পাই। ২১। হোল-গোজ বুঢ়াই দলিৰ ভাৰবৈ ফুৰে। খাওন পিন্ধন আকে ভক্তি বুলি কই। ২২। ওভোটা গছৰ নিচিঙ্গা ফুল। ওভোটা ধাৰৰ নেযাব কোল। মাছৰ আঞ্জাৰ ৰাখিবা জোল। তাকে খাই পাবা হৰিৰ কোল। ২৩। উলুগুটি উলাফল বেজেনা চাৰি ফাল। গৈছে সামডেকা আহিল কোন কাল। ২৪। অপপৗডিমা মাছ ডিডিম চৰাই। উপজি কোন গছ মৰে। অক কোৱাচোন সাৰে। তেতিয়া ডেও মানি সাৰে। জালত পৰিল মাত্ৰে জাঠিৰে খুচিলে। তথাপি নমৰে সিততা কেও হাক দিলে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২০৯
অৱয়ব