প্ৰথমে প্ৰথমাধ্যায়ে ব্যাস তপোধন।
ভাগৱতাৰন্তে কৈলা মঙ্গলাচৰণ॥
নৈমিষ কাননে শৌনকাদি মুনি যত।
কৰিলন্ত ছয় প্ৰশ্ন সুতৰ আগত॥
ঘোৰ কলিকালে লোক হৈব পাপমতি।
কোন ধৰ্মে তাসম্বাৰ সাধিবেক গতি॥
কৃষ্ণদেবে জন্ম ধৰিলন্ত কিবা কাজে।
কোন ধৰ্ম্ম কৰিলন্ত ৰহি মহীমাঝে॥
কোন কোন অবতাৰ ধৰি নাৰায়ণ।
কোন কোন লীলা কৰিলন্ত বিতোপন॥
কপট মনুষ্য ৰূপে বলদেৱ সঙ্গে।
কৰিলন্ত কৃষ্ণে যেন যেন কৰ্ম্ম ৰঙ্গে॥
কৃষ্ণ যেবে নিজ ধামে কৰিলা গমন।
মহাধৰ্ম্ম গৈয়া কাত পশিলা শৰণ॥
দ্বিতীয় অধ্যায়ে শৌনকৰ প্ৰশ্ন শুনি।
দিলন্ত উত্তৰ সুতে নমি শুকমুনি॥
কলিযুগে আন ধৰ্ম্মে নতৰে সংসাৰ।
কেবল হৰিৰ নাম সৰ্ব্বধৰ্ম্ম সাৰ॥
কৃষ্ণেসে সমস্তে দেৱতাতে শ্ৰেষ্ঠ দেৱ।
তান্তে বিনে ভজনীয় আন নাহি কেৱ॥
দেৱকীত জনমি অসুৰ সংহৰিলা।
জগত পাবন প্ৰচাৰিলা বহুলীলা॥
তেন্তে সুৰ নৰ পশু পক্ষী সমস্তত।
অৱতাৰ ধৰি উদ্ধাৰন্ত লোক যত॥
তৃতীয় অধ্যায়ে সেহি অৱতাৰ গণ।
লীলা সমন্বিতে তাক কৰিলা বৰ্ণন॥
পুৰুষাব তাৰ আৰু সনত কুমাৰ।
শুকৰ নাৰদ নৰ নাৰায়ণ আৰ॥
কপিল শ্ৰীদত্ত যজ্ঞ ঋষভ শ্ৰীহৰি।
পৃথু মৎস্য কচ্ছপ মোহিনী ধনন্তৰী॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৫
ভাগৱত ৰত্ন।