পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫৫
শ্ৰীমন্তগৱদগীতা।

লাগে কৰ্ম্ম সিদ্ধি হোক লাগেবা নহোক।
ঈশ্বৰক ভজি মাত্ৰ কৰ্ম্ম কৰিয়োক॥
ঈশ্বৰে অৰ্পিয়া কৰ্ম্ম কৰিবে সকল।
সমতা গোটেক যোগ কৰি বোলে লোক॥
ঈশ্বৰ পদাৰবিন্দে মনত আনন্দ।
তেবে একোকালে নুহিবেক কৰ্ম্ম বন্ধ॥
কাম্য কৰ্ম্ম গোট অতি নিন্দিত অধম।
জানিবা কৃপণ দুঃখী নাহি তাৰ সম॥
বুদ্ধিয়ে স্মৰণ যদি হোৱে ঈশ্বৰৰ।
পাপ পুণ্য এড়ে এহি জন্মৰ ভিতৰ॥
সেহি জন নুহিবেক কৰ্ম্মত কুশল।
জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল॥
কৰ্ম্ম কৰিবাক ফল ওপজয় মনে।
একো কালে নুগুচে ঈশ্বৰ দৃঢ়জ্ঞানে॥
জন্মবন্ধ মুক্ত হোৱে ঈশৰ আশ্ৰয়।
পৰম আনন্দে মোৰ স্বৰূপ পাৱয়॥
কৰ্ম্ম কৰিলেও পাপে নলঙ্ঘয় পাশ।
কৰ্ম্মফল নাশে পুনু পাপ ভৈলা নাশ॥
পাপ পুণ্য গুচি ভৈলা গুণৰ বাহিৰ।
তেবেসে মোহক পাৱে চিত্ত ভৈলে স্থিৰ॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক দামোদৰ।
এনুৱা গতিক কোনকালে পাৱে নৰ॥
গোবিন্দে কহয় শুনিয়োক ধনঞ্জয়।
যিকালত পাৱে গতি শুনিয়ো নিৰ্ণয়॥
যেবে পুৰুষৰ গুচে মোহ অন্ধকাৰ।
শৰীৰত আত্মা বুদ্ধি নাহিকে তাহাৰ॥
সেহিকালে তাহাৰ বৈৰাগ্যে লৱে লাগ।
বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্ব্বআগ॥
অপৰ যতেক আৰু শুনিবে আছয়।
বৈৰাগ্য মিলিলে পাছে সব নষ্ট হয়॥