পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১১২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩১
কুৰ্ম্মৱলী বধ।

জানিয়ো জন্মক হেৰা নকৰিয়ো বৃথা।
আলাস তেজিয়া শুনিয়োক হৰি কথা॥
পুত্ৰ ভাৰ্য্যা বিষয় জানিবা মায়া জড়ি।
প্ৰবন্ধে ঈশ্বৰে বান্ধি আছে যত্ন কৰি॥
সিতো বহু ছোৰণ নাই একোমতে।
নকৰে ভকতি যাৱে কৃষ্ণ চৰণতে॥
হেন জানি সবেয়ো ত্যজিয়া আন কাম।
জনম সফল হৌক বোলা ৰাম ৰাম॥

——