পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৯
কথা-গীতা

নহে। আত্মাৰ নাশ নাই পদে কম্পিবে নৰিহে; স্বধৰ্ম্ম দেখিয়ে কম্পিবে নাপাই। যি বুলিছা স্বজনক বধি শ্ৰেয়স নেদেখো, তাত শুনা। ন্যায় যুদ্ধ বিনে ক্ষত্ৰিয়ৰ আন শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্পা; ভাগ্যৱন্ত ক্ষত্ৰিয়সবে অপ্ৰাৰ্থিত এমন যুদ্ধক লভে, যাতে আক অনাবৃত স্বৰ্গদ্বাৰ বুলি। যদি তুমি এই ধৰ্ম্ম যুদ্ধ নকৰা, তেবে ধৰ্ম্ম কীৰ্ত্তি দুইকো এড়ি পাপক লভিবা; সকল লোকেও অকীৰ্ত্তি কহিব। উত্তম জনৰ মৰণতো কৰি অকীৰ্ত্তি বৰ দেখি। মহাৰথীসবে মানিব, অৰ্জ্জুন ভয়ে যুদ্ধত নিবৰ্ত্তিলা; যাৰা তোমাক বড় বুলি সতকাৰ কৰিছিল, তাৰাৰ আগত লঘু হৈবা। শত্ৰুসবে তোমাৰ সামৰ্থ্যক নিন্দি অনেক অবাক্য বুলিব; তাত পৰে আউৰ কি দুষ্‌খ আছে? যদি কৰ্ণাদি তোমাক বধে, তেবে স্বৰ্গ লভিবা; যদি তাৰাক জিনা, তেবে পৃথিবীক ভোগ কৰিবা; দুয়ো পক্ষে তোমাৰ লাভ দেখি। এতেকে নিশ্চয় কৰি যুদ্ধক উঠা। যি বুলিছা আৰাক মাৰি মঞি পাপক পাইম, তাত শুনা। সুখ-দুখ, লাভ-অলাভ, জয়- পৰাজয়ক সম দেখি হৰিষ বিষাদ নকৰি, স্বধৰ্ম্ম বুদ্ধিয়ে যুদ্ধ কৰিলে, কদাচিতো পাপ নলভিবা। এমনে জ্ঞানযোগ উপসংহৰি তাৰ সাধন কৰ্ম্মযোগ কহিতে লাগিলা। জানা অৰ্জ্জুন, জ্ঞানযোগত কৰণীয় বুদ্ধি তোমাত কহিলো; তথাপি যদি তোমাৰ আত্মবোধ নহৈল, আবে জ্ঞানৰ সাধন কৰ্ম্মযোগত বুদ্ধি শুনা। তেবে ঈশ্বৰাৰ্পিত কৰ্ম্মযোগে চিত্ত শুদ্ধ হৈলে, ঈশ্বৰৰ প্ৰসাদে আত্মাক জানি কৰ্ম্ম এড়িবা। যদি বোলা কৃষি আদি কৰ্ম্মত কদাচিত বিঘ্ন বাহুল্যে ফলব্যভিচাৰ দেখি, তেমনে মন্ত্ৰাদি বৈগুণ্য কৰ্ম্মযোগতো হয়। তেবে কেমনে কৰ্ম্মযোগে কৰ্ম্মবন্ধ দূৰ কৰিব, তাত শুনা। এই ঈশ্বৰাৰ্পিত কৰ্ম্মযোগৰ অসম্ভৱ নাই, দোষো নঘটে। ঈশ্বৰৰ উদ্দেশে বিঘ্ন- বৈগুণ্য নসম্ভৱে। ই ধৰ্ম্মৰ অল্প আৰম্ভো সংসাৰত ৰক্ষা কৰে। কাম্য কৰ্ম্ম হেন কিঞ্চিত বৈগুণ্য মাত্ৰো বিফল নহে, আৰু যুক্তি শুনা। দুয়ো কৰ্ম্মৰ বৈষম্য দেখা। ঈশ্বৰ আৰাধন কৰ্ম্মযোগত পৰমেশ্বৰৰ সেৱায়ে মঞি নিশ্চয়ে তৰিম, এই নিশ্চয়াত্মিকা বুদ্ধি একমাত্ৰ। অব্যৱসায়ী বহিৰ্মুখসবৰ আন কামনাই অনেক বুদ্ধি হয়, তাতে গুণকৰ্ম্মবসে বাহুল্য হয়; ঈশ্বৰ আৰাধন, নিত্য নৈমিত্তিক কৰ্ম্ম, কিঞ্চিদ্বৈগুণ্যেও নষ্ট নহে। যিমান শক্তি সেইমানকেসে বিধান কৰে। ঈশ্বৰ উদ্দেশে বিঘ্নবৈগুণ্যো দূৰ হয়, কাম্য কৰ্ম্ম পুনু তেমন নহে। এতেকে দুয়ো কৰ্ম্মৰ মহা বৈষম্য বুঝিবা। যদি বোলা সকামী সবো দুষ্‌খমূল কামনাসব এড়ি একনিষ্ঠ হুয়া কেনে ঈশ্বৰক নভজে, তাত শুনা। যাৰা সবে পুষ্পিত বিফলতাসম আপাত ৰমণীয় বেদৰ স্বৰ্গাদি ফল শ্ৰুতি বচনক পৰম ফল কৰি বোলে; যাতো