পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১১
গুৰুলীলা।

তীৰ্থক সেবন দেবী উপাসন,
 ধৰ্ম্ম কৰ্ম্ম যাগ যোগ।
ৰাম কৃষ্ণ নামে সকলে সিজয়,
 নলাগে একো উদ্যোগ॥
তহিতে বহন্ত গঙ্গা যমুনাও,
 গোদাবৰী সৰস্বতী॥
আন তীৰ্থ যত আছে পৃথিবীত,
 স্নানি পাৱে সদগতি॥
অচ্যুতৰ যত উদাৰ চৰিত্ৰ,
 প্ৰসঙ্গ কৰে সতত।
তীৰ্থৰ সমান হোৱে সেহি স্থান,
 গীতা ভাগৱত মত॥
এতেকেসে ৰাম  কৃষ্ণ নাম বিনে,
 নজানোহো আমি আন।
কৃষ্ণৰ নামত ধৰ্ম্ম কৰ্ম্ম যত,
 সবাৰ আশ্ৰয় স্থান॥
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ,
 দ্বাপৰে পূজা সম্প্ৰতি।
কলিত কৃষ্ণৰ নাম ব্যাতিৰেকে,
 নাই নাই আন গতি॥
সন্ত সঙ্গ লৈয়া যৱে হৰি পদে,
 আশ্ৰয় নকৰে নৰ।
তৱে ব্ৰহ্মাণ্ডত আয়াযাত কৰি
 ফুৰিবেক নিৰন্তৰ॥
পঞ্চভূত দেহা যাবৎ থাকয়
 তাবত নাম নেড়িবোঁ।
ইদেহ পড়িলে যেহি যোনি পাওঁ,
 জন্মে জন্মে নাম লৈবোঁ॥