সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৫
গুৰুলীলা

কত দূৰ হন্তে আশ্বাসিয়া সমস্তক।
নিবৰ্ত্তায়া পুনৰপি পঠালা ঘৰক॥
কংসৰ আদেশে যেন আসিলা অক্ৰূৰ।
ৰাম মাধৱক লৈয়া গৈলা মধুপুৰ॥
সিবেলাত গোপ গোপী সবৰ বচন।
লগতে নিলন্ত প্ৰভু আমাৰ লোচন॥
যেন প্ৰাণ গৈলা তনু চেষ্টা নকয়।
বড়পেটা থানৰ লোকৰ সেহি নয়॥
সেহি মতে দেৱ দামোদৰৰ লগত।
প্ৰাণ মন গৈলা সবে মৰা যেন মত॥
ভকতৰ দুঃখে প্ৰভু মনে খেদ কৰি।
কতিপয় দিনে পাইলা বিজয় নগৰি॥
শুনা সাধু সব দামোদৰৰ চৰিত্ৰ।
বিষ্ণু বৈষ্ণৱৰ কথা সাক্ষাৎ অমৃত॥
ভকতিৰ কল্পতৰু দেৱ দামোদৰ।
শ্ৰদ্ধাৰূপে যিতো জনে চাপয় ওচৰ॥
তাৰ কাৰ্য্য নিসিজিবে হেন শঙ্কা নাই।
অৱশ্যেক প্ৰথমতে ভক্তি ফল পাই॥
তাহন চৰণ চিন্তি এৰায়ো দুৰ্গতি।
হৰি হৰি বুলিয়া সাধিয়ো আত্মগতি॥

এক সময়ত ৰজাৰ সভাত
 যি ভৈলা শুনিয়ো তাক।
কামেশ্বৰ গিৰি ৰজাক বোলয়,
 নৃপতি শুনা প্ৰত্যেক।
শ্ৰীদামোদৰক আনি সমাজক,
  কৰিয়া বিচাৰ কথা।
দেবীক পূজাক মানে কি নমানে,
 কৰয় কিবা অন্যথা॥