শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।
তুমি মোৰ বান্ধৱ অপৰ দামোদৰ॥
আমাৰ বচন এড়ি অহা নগৰক।
আসিবাহা তুমি বৰপেটাৰ সত্ৰক॥
ভাগৱত ব্যাখ্যা তুমি আপুনি কৰিবা।
লোকক হৰি ভক্তি উপদেশ দিবা॥
ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা।
আপুনিয়ো স্নান সন্ধ্যা পূজা আচৰিবা॥
আপুনি শুনিলা নৃপতিৰ দুঃচেষ্টাক।
কৰ্ম্ম এড়িলেক বুলি নিয়াই আমাক॥
একাগ্ৰ ভকতি কৰিবাহা মহাভাগ।
তেবে একো উপসৰ্গ নপাবেক লাগ॥
আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা।
কথা বন্ধে এক খণ্ড ভাগৱত কৰা॥
পূৰ্বে মহাপুৰুষে কৰিলা দশস্কন্ধ।
কীৰ্ত্তন ভটিমা চবি দুলড়ী সুছন্দ॥
তাত কৰি সুগম কৰিৱো ভাগৱত।
স্ত্ৰী শূদ্ৰে সৰ্ব্বলোকে বুঝে যেন মত॥
মোক লাগি তোৰা সবে চিন্তা এড়িয়োক।
সবাৰ কল্যাণ জগদীশ্বৰে কৰোক॥
হেন শুনি তাৰাৰ সন্তাপ আতি ভৈলা।
চৰণত পড়ি সবে কান্দিবাক লৈলা॥
চতুস্পাশে ভকতে কান্দয় বেঢ়ি বেঢ়ি।
হা প্ৰভূ দামোদৰ কৈক যাহা এড়ি॥
স্ত্ৰী বালক বৃদ্ধ সবে পড়ি পড়ি কান্দে।
কত দুই চৰণক বুকে আনি বান্ধে॥
প্ৰাণৰ ঈশ্বৰ প্ৰভু দেৱ দামোদৰ।
আমাক এড়িয়া যাহা বিজয় নগৰ॥
তুমি অবিহনে কেনে ধৰিবোঁ জীৱন।
আবে কাৰ চৰণক কৰিবো সেৱন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮০১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৩
গুৰুলীলা