পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯২
অসমীয়া সাহিত্যৰ চানেকি।


সদাই হৈলেক তথা লোক মহোৎসৱ।
লোকৰ মুখত মাত্ৰ শুনি হৰি ৰাৱ॥
দ্বিতীয় বৈকুণ্ঠ যেন প্ৰকাশ কৰয়।
তৈত থাকে তথা লোকে হৰি উচ্চৰয়॥
সৰোববে পড়ি যেন হংসৰ কল্লোল।
সেহি মতে তৈতে থাকি শুনি হৰি বোল॥
আয়াযাত কৰে তথা যত নৰ নাৰী।
শোভা কৰে সৰোবৰে যেন হংস সাৰি॥
শুনিয়োক সভাসদ ইতো কথা সাৰ।
যাহাৰ শ্ৰৱণ হৰি দুৰ্ঘোৰ সংসাৰ॥
হৰি কীৰ্তন আবে কৰিয়োক সদায়।
হৰি ভজি লৈয়ো সবে বৈকুণ্ঠত ঠাই॥
সাধুৰ সঙ্গত থাকি হৰিক ভজিয়ো।
আপুনি সংসাৰ তৰি বংশ উদ্ধাৰিয়ো॥
হৰি নাম বিনে নাই সংসাৰ তৰণ।
কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ॥
সন্ত উপদেশে লোক সংসাৰ তৰিয়ো।
সাধু সঙ্গ লৈয়া কৃষ্ণ চৰণ ভজিয়ো॥
আপুনিয়ো তৰা সবে পুৰুষ উদ্ধাৰি।
নিৰন্তৰ নৰে ডাকি বোলা হৰি হৰি॥

দুলড়ী


আত অনন্তৰে শুনা সৰ্ব্বজনে,
 যৈত যেন কথা ভৈলা।।
বংশী যে নামত অসম ৰাজ্যৰ,
 যিমতে শৰণ লৈলা॥