আকৰ্ণ পৰিয়া কৰি হানিয়া পঠাইল।
সুসেনৰ শিৰ গোট কাটিবে লগাইল॥
নকুলৰ হাতে বীৰ সুসেন পৰিল।
কাষবৰ বৃক্ষ যেন নদীয়ে ভাঙ্গিল॥
সবে বহি আছে মৰি গৈল কৰ্ণ সুত।
নকুলৰ বিশ্ৰাম দেখিয়া অদভুত॥
হেন দেখি মহাভয় ভৈলা সেনাগণ।
বিভঙ্গে পলাই সবে এৰিলেক ৰণ॥
আস্বাসিয়া সেনাক ৰাখিল মদ্ৰেশ্বৰ।
ঘোৰ সিংহনাদ কৰিলেক ভয়ঙ্কৰ॥
ধনুৰ টঙ্কাৰ ঘোৰ কৰিলা অপাৰ।
শল্যৰ প্ৰসাদে ভয় গুচিল প্ৰজাৰ॥
পাণ্ডৱ গণক যুদ্ধ কৰিবাক মনে।
নৃপতিক মধ্য কৰি ৰৈলা সেনা গণে॥
নকুল সাত্যকী সহদেৱ বৃকোদৰ।
গাৱে গাৱে সিংহনাদ কৰিল বিস্তৰ॥
ৰেৱঞ্চি থুমচি ভেৰি তাল নদগড়।
দুন্দুভি মৰ্দ্দন ভীৰি শব্দ আড়ম্বৰ॥
উজ্জ্বল প্ৰচণ্ড বাদ্য ভণ্ড কোলাহল।
পাণ্ডৱক ধাইল কোপে কৌৰবী সকল॥
গাৱে গাৱে টোলে টানে শব্দ আতি শুনি।
দলদোপ মহী খণ্ড শুনি প্ৰতিধ্বনি॥
মৃত্যুক নকৰি ভয় কুৰু পাণ্ডু দল।
যেন দেবাসুৰ যুদ্ধ ভৈল মহীপাল॥
সংসপ্তগণক মাৰি বীৰ ধনঞ্জয়।
তোমাৰ দলক ধাইল পৰম নিৰ্ভয়॥
ধৃষ্টদ্যুম্ন আদি পাণ্ডবৰ বীৰ গণ।
শৰ বৃষ্টি কৰি খেদি গৈল তেতিক্ষণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬০
অসমীয়া সাহিত্যৰ চানেকি