তীক্ষ্ন শৰ গণে ৰথ নিলা যমথান।
সমৰে লাঘব বীৰ কৰ্ণৰ নন্দন॥
তিনি শৰে নকুল প্ৰকাশে সি বেলাত৷
তিনি গোটা শৃঙ্গ যেন অপৰ পৰ্ব্বত॥
ৰথী ৰথ চূৰ্ণ দেখি মনে কোপ কৰি।
চিত্ৰ সম্মুখে ধাইল খড়গ চৰ্ম্ম ধৰি॥
খড়গ চৰ্ম্ম ধৰি দেও দিনা ৰথ হন্তে।
পৰ্ব্বতৰ পৰা নামি সিংহ যেন মতে॥
পদ গতি কৰি যাই মাদ্ৰীৰ তনয়।
অস্ত্ৰ শস্ত্ৰ চিত্তে হানিলন্ত শৰচয়॥
পাণ্ডুৰ তনয় মহাবীৰ পৰাক্ৰম।
সমৰে লাঘব অতিশয় জিতাশ্ৰম॥
কাটি ছিণ্ডি শৰচয় পেলাইলা পথত।
দেখ নেদেখতে যাই চৰিলা ৰথত॥
পৰম বিস্ময়ে প্ৰজাগণে চাই আছে।
কুণ্ডলে মণ্ডিত শিৰ কাটিলন্ত পাচে॥
সুন্দৰ নাসিকা কৰ্ণ আয়ত নয়ন।
সুবৰ্ণ কিৰীটি মাথে জ্বলে বিতোপন॥
হেন শিৰ ছেদিলন্ত মাদ্ৰীৰ কুমাৰ।
ৰথৰ উপৰে যেন শোভে দিনকৰ॥
নকুলৰ বীৰত্তক দেখিয়া হৰিষে।
সাধু বাদে বীৰক পূজিলা দশোদিশে॥
সত্যসেনে সুসেনে দেখিয়া ভাতৃ বন্ধ।
মহামৰ্ম্মে ভৈলা দুও নয়নত বন্ধ॥
নকুলক খেদি দুয়ো যাই মহাবেগে।
প্ৰমত্ত নাগক যেনমতে দুয়ো বাঘে॥
পাণ্ডৱক বেঢ়ি দুয়ো শনাইত শৰে।
ভেদিলেক নকুলক আঞ্জৰে পাঞ্জৰে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৭
মহাভাৰত–শল্যপৰ্ব্ব।