সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৫
ভক্তি প্ৰেমাৱলী।

শুনিয়া প্ৰকৃতি দেহে দিলা জীৱ প্ৰাণ।
ঢল ঢল কৰে নচলয় একো থান।
দেখিয়া প্ৰকৃতি ব্ৰহ্মা ভৈলন্ত বিস্ময়।
জীৱে প্ৰাণ দিলো দেখো তবু নচলয়॥
পাপ পুণ্য দুইকো আনি দুই পাশে দিলা।
মূৰ্তি ধৰি প্ৰকৃতিয়ে হৃদয়ে পশিলা॥
তথাপি নচলে দেহা নাজনন্ত শুদ্ধি।
দেখি প্ৰকৃতিৰ দৰ্প চূৰ ভৈলা বুদ্ধি॥
ধীৰে ধীৰে গৈলা দেবী মাধৱৰ পাশ।
কৃতাঞ্জলি নম্ৰভাৱে মাতিলন্ত লাস॥
কৰযোৰ কৰি সতী বুলিলা বচন।
একোমতে চলাইতে নাপাৰো জীৱগণ॥
ব্ৰহ্মায়ে স্ৰজিলা দেহা নানা ছন্দ কৰি।
তাৰ মাঝে জীৱ প্ৰাণ দিলো ৰঙ্গ কৰি॥
পাপ পুণ্য সহিতে পশিলো ময়ো মাজ।
আমি সবে জড় দেখোঁ প্ৰভু তুমি বাজ॥
যত সৃষ্টি স্থিতি লয় তোমাৰে সে ইচ্ছা।
আমি সবে জৰ মাত্ৰ তুমি মাত্ৰ সঁচা॥
আমাকেস্ৰ জিলা প্ৰভু তুমি দেৱ হৰি।
তিনি শুণে স্ৰজিলাহা আপুনি মুৰাৰি॥
ভাৱে ভাৱে ত্ৰিদশক স্ৰজিলা মুৰাৰি।
তোমাৰ আদেশে নিয়োজিলে তিনি পুৰী॥
ব্ৰহ্মায়ে স্ৰজিলা দেহ তোমাৰ আদেশে।
তাৰ মাঝে জীৱ আমি দিলোহোঁ নিঃশেষে॥
হাসো হাসো কৰে মাত্ৰ নলৰে নচৰে।
সবে দৰ্প চূৰ ভৈলা লাজ ভৈলো বৰে॥
আমি সব জড়, তুমি চৈতন্য ঈশ্বৰ।
কোনে তৰ্কিবেক তযু মায়া নিৰন্তৰ॥
সবে মিছা দেখোঁ আজি বল বুদ্ধি দৰ্প।
গৰুড় আগে যেন বন্দী ভৈল সৰ্প॥