আকাশক আবৰিয়া ৰৈলা অহঙ্কাৰ।
তাকো আবৰিলা মহাতত্ত্ব বুলি যাৰ॥
মহাদকো আবৰিলা প্ৰকৃতিয়ো পাছে।
এহি মতে ব্ৰহ্মাণ্ডক নিৰ্ম্মি যেবে আছে॥
মায়াৰ কাৰণ দেখি কৃষ্ণ কৃপাময়।
মনত গুণিয়া হৰি ভৈলন্ত বিস্ময়॥
ব্ৰহ্মাণ্ডৰ বিভূতি দেখিয়া বিদ্যমান।
নানা বিধে প্ৰকৃতি স্ৰজিলা থানে থান॥
অম্ৰাৱতী দেৱগৃহ ৰম্য সৰোবৰ।
পুষ্পিত উদ্যান বৰ্গ দেখিয়া বিস্তৰ॥
সুবৰ্ণ বৈদূৰ্য্য হীৰা মাণিক ৰতন।
যেনে দিব্য গৃহচয় দেখি বিতোপন॥
পাতাল পৃথিবী স্বৰ্গ দেখিলন্ত হৰি।
পৰম সন্তোষে ৰহিলন্ত ৰঙ্গ কৰি॥
তিনিয়ো লোকৰ হৰি দেখিয়া বিভূতি।
মায়াৰ মহিমা দেখি ভৈলন্ত বিচুৰ্ত্তি
ইচ্ছা মাত্ৰ অল্প কৰি বুলিলা বচন।
এতেকতে ব্ৰহ্মাণ্ডক কৰিলা স্ৰজন।
ধন্য ধন্য সাধু সতী কহিলো বচন॥
তোমাৰ সৃষ্টিক দেখি তুষ্ট ভৈলা মন॥
আপুনিয়ো অংশৰূপে হৈবো অৱতাৰ।
তোমাৰ সৃষ্টিক কৰিবোহো বাৰম্বাৰ॥
শুনিয়া প্ৰকৃতি পাছে বুলিলা বচন।
প্ৰদক্ষিণে মাধৱৰ নমিলা চৰণ॥
জানু শিৰে মাধৱক কৰিলা সেৱলি।
বিনাৱন্ত প্ৰকৃতি ধৰিয়া কৃতাঞ্জলি॥
তোমাৰ আদেশে নিয়োজিলো সৃষ্টি খান।
নাহি জীৱ ব্ৰহ্মাণ্ডক নকৰে শোভন॥
সেহি বেলা কৃষ্ণদেৱ মনে গুণি চাইলা।
ব্ৰহ্মাৰ মুখক চাই বচন বুলিলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩২
অসমীয়া সাহিত্যৰ চানেকি।