পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৩
বংশীগোপাল চৰিত্ৰ!

তথাপিতো হৰি নাম মুখই নেড়য়।
এক নিশা দুয়ো কৰ্ণে বচন শুনয়॥
কোনে মাতে তৰু একো দিশে নেদেখয়।
মেলিলোঁ বন্ধন দুয়ো যাস নাহি ভয়॥
পাচে দুয়ো দেখে নাহি শৰীৰে বন্ধন।
ভোট সবে পড়ি আছে নিচেষ্ট শয়ন।
আসিলেক দুয়ো জন শীঘ্ৰ বেগে ধাই।
লভিলা আনন্দ পুনু শঙ্কৰক পাই॥
যেবে নেদেখিলা মুখ দুয়ো বৈষ্ণৱৰ।
নভৈল ভোজন কিছু শঙ্কৰ দেৱৰ॥
পূৰ্ব্বত বুলিলা মোক দেৱ দামোদৰে।
আপুনি থাকিবো মই যাৱা তোৰ ঘৰে॥
জানিলো এবেসে সিটো বচন ফলিল।
গোপাল স্বৰূপে দামোদৰে সে আসিল॥
এহি মতে আনো মহন্তৰ কথা কহি।
গদাধৰে শ্ৰীপতিয়ে সদা থাকা বহি॥
কতো দিন পাছে কতো জনে সে জানিলা।
দেৱ হুনু গদাধৰ গৃহতে থাকিলা॥
জানে মাত্ৰ আসি নপাৱয় দেখিবাক॥
আৰো যত কথা তৈতে নকহিলো তাক।
সেহি কালে ভৈল জগতৰ দুঃখ আতি॥
নিশা ভৈলে দিন ভকতৰ দিন ৰাতি।
ৰাম বুলি ভয় কৰে পৰে শুনে বুলি॥
মালা জাপ্য আৰু চিতে স্মৰয় সমূলি॥|
নাহি কাৰো থান সত্ৰ সবে বৈষ্ণৱৰে।
গৃহস্থৰে ঘৰে ঘৰে থাকে অভ্যন্তৰে॥
গৃহী সমস্তৰ ভাগ সাফল জীৱন।
ধন গৰু ভাঙ্গি কৰে ভক্তক পালন॥
কোনো বেলা ৰাজ দণ্ড হোৱয় বিস্তৰ।
মিছা মাতি ৰক্ষা কৰি ফুৰে ভকতৰ॥