সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫৭৬ অসমীয়া সাহিত্যৰ চানেকি। নসিংহ বামন পৰশুৰাম ব্যাস। শ্ৰীবাম শ্ৰীকৃষ্ণ বলদেব জগবাস। বুদ্ধ কল্কি সমে এহি তাৱতাৰগণ। ধৰি হৰি ধৰাভাব কবিলা গ্ৰহণ। আন সব অৱতাব কলা অংশৰূপে। পবিপূৰ্ণ ৰূপ কৃষ্ণ কহিলা স্বৰূপে। কৃষ্ণ বৈকুণ্ঠ গৈলে মহাধৰ্ম যত। সমস্তে ৰহিলা হবি নামৰ মাঝত। চতুৰ্থ অধ্যায়ে ব্যাস জনম লভিয়া। অল্প বুদ্ধি অল্প আয়ু মনুষ্য দেখিয়া। চাৰিয়ে বেদৰ কবিলন্ত শাখা ভেদ। ইতিহাস পুৰাণ ৰচিলা বিচ্ছেদ। তথাপিতো তান মন নোহয় প্ৰসন্ন। কি কৰিৰো বুলি মুনি চিন্তে মনে মন। হেন কালে গৈয়া তৈতে নাবদ মিলিলা। মনৰ সন্ধিগ্ধ ব্যাসে তাহান্ত পুছিলা। কহিলা নাৰদে পাছে তাহাৰ কাৰণ। বিবা হেতু ব্যাসৰ আকুল কৰে মন। পঞ্চম অধ্যায়ে মুনি ব্যাসক বুলিলা। ইতো তুমি নানা শাস্ত্ৰ পুৰাণ কৰিলা। সব ধৰ্ম্ম শিৰোমণি কৃষ্ণ গুণনাম। তাক নবৰ্ণাই তুমি বৰ্ণাইল। সকাম॥ সহজে লুভীয়া লোক সকামী কৰ্ম্মত। তাতে উপদেশ পাইল! তোমাৰ মুখত। প্ৰাণি হিংসা ধৰ্ম্মতে বিহিলা স্বৰ্গসুখ। কৰিলা লোকক তুমি কৃষ্ণত বিমুখ। যষ্ঠ অধ্যায়ত মুনি ব্ৰহ্মাৰ তনয়। বোলন্ত নযন্ত জানো ব্যাসৰ প্ৰত্যয়। আপোনাৰ প্ৰাক্তন জন্মৰ কথা কৈলা। যেনমতে সৎসঙ্গ হন্তে গতি ভৈলা