পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪২
অসমীয়া সাহিত্যৰ চানেকি।

গুৰুক নবধি ৰাজ্যক নসাধি
  দিশ দিশাত্মৰে যাঁও।
এহি পৰাশ্ৰয় কৰিলোঁ আশ্ৰয়
  ভিক্ষা মাগি আনি খাওঁ॥
বন্ধুগণ বধি  ৰাজ্যকাম সাধি
 গুৰুক কৰিবো ৰণ।
ভুঞ্জি ভোগচয় যেন পাপময়
 ৰুধিৰে মিশ্ৰিত অন্ন॥
পাপক নচাই যদিবা যুজোঁহো
  তাহৰ নজানো সাৰ।
কুৰু পাণ্ডৱৰ উভয় সেনাৰ
 জয় পৰাজয় কাৰ॥
ধৰ্ম্ম অধৰ্ম্মত  বুদ্ধি ভৈলা হত
 তোমাত পুচো বিশেষ।
যুদ্ধ ভিক্ষাটন  কোন গোটা ভাল
 বুলিয়োক হৃষীকেশ॥
তুমি নিজ গুৰু প্ৰপন্ন শিষ্যক
 শিক্ষা দিতে লাগে স্বামী।
তুমি সৰ্ব্ব আদ্য তুমি স্ৰজি আছা
 এতেক নজানো আমি॥
গুৰু ইষ্ট দেৱ সৰ্বভাৱে সেৱ
 কৰিতে লাগে সন্তোষ।
প্ৰপন্ন শিষ্যক  নকহে গুহ্যক
 গুৰু পাৱে বহু দোষ॥
শোক মোহ মন দহে ইন্দ্ৰিগণ
 ভ্ৰমে যেন মোৰ মতি।
অকণ্টকা মহী  পাতাল নলাগে
 আৰু নোহোঁ সুৰপতি॥