সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৩
ঘুনুচা।

অমৃত সমান কৰি মৃদু হাস,
 চাৰু দন্ত দৰশাই।
ব্ৰহ্মাণ্ডৰ সুখ   মানিলা যশোদা,
 কৃষ্ণৰ মুখক চাই॥
শুনা সভাসদ হুয়া নিঃশবদ,
 শিশু গোবিন্দৰ কেলি।
কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ,
 কৰিবা মনে সেৱালি॥
শ্ৰীধৰ কন্দলি   কহে কৃষ্ণ কেলি,
 কৃষ্ণৰ ভকতি কাম।
কৃষ্ণক ভকতি মিলোক মুকুতি,
 ডাকি বোলা ৰাম ৰাম॥

ঘুনুচা।

ঘোষা—নমো দয়াশীল জগত আধাৰ,
 দৈৱকী নন্দন দেৱ।
তোমাৰ চৰণে পশিলো শৰণ,
 কৃপা কৰা প্ৰভু দেৱ॥

অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি।
অভ্যন্তৰে চলি গৈল অতি শীঘ্ৰ কৰি॥
লক্ষ্মীৰ আগত কথা কহে হেঠ মাথে।
দুৱাৰত ৰহিয়া আছন্ত জগন্নাথে॥

যেন লাগে আজ্ঞা মোক দিয়ো লক্ষ্মী আই।
শুনি দেবী মাতিলন্ত পৰিচাক চাই॥
লক্ষ্মীয়ে বোলন্ত শুনা শুনা মোৰ বাক॥
দ্বাৰ ছাড়ি আসিবাৰ নেড়া যাদবক॥