সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
নাম মালিকা

তাহাতো কৃষ্ণৰ যদি সদা নাম লয়।
সমাধিৰ ফল যোগী তেবেসে পাৱয়॥
নিয়মে সংযমে চিত্ত সাৱধান কৰি।
ত্ৰেতা যুগে নানাবিধ যজ্ঞে যজি হৰি॥
মাধৱৰ কাষ্টগোটা নামক উচ্চৰে।
তেবেসে যজ্ঞৰ ফল জানা পাৱে নৰে॥
নানা মন্ত্ৰে তন্ত্ৰে পূজা কৰে দ্বাপৰত।
হৰিৰ দ্বাদশ নাম জপয় সতত॥
নাম কীৰ্ত্তনে সে সাঙ্গ কৰয় পূজাক।
তেবেসে পূজাৰ যেন ফল পাৱে তাক॥
ধ্যান যজ্ঞ পূজাৰ কহিলো যেন ফল।
হৰিৰ নামেসে তাক সাধয় সকল॥
কলিৰ লোকৰ চিত্ত মলিন অপাৰ।
আন একো ধৰ্ম্মত নাহিকে অধিকাৰ॥
কেশৱক কৰে মাত্ৰ কীৰ্ত্তন কেৱল।
পাৱে অনায়াসে ধ্যানাদিৰ যেন ফল॥
কীৰ্ত্তনৰ ফল আৰু যেন শ্ৰেষ্ঠতৰ॥
কলিত কীৰ্ত্তনে হোৱে নাৰায়ণ পৰ।
এতেকেসে কলি যুগ শ্ৰেষ্ঠ আতিশয়।
সত্যাদিৰ লোকে জন্ম কলিত বাঞ্চয়॥
কলিত কৃষ্ণৰ নাম কীৰ্ত্তন কৰিয়া।
পাৱয় পৰম পদ সংসাৰ তৰিয়া॥
শুনিয়ো মৈত্ৰেয় মাধৱৰ নাম চয়।
ভক্তি ভাৱে যিতো জনে কীৰ্ত্তন কৰয়॥
অনাদি জন্মৰ যত পাপ আছে তাৰ।
নামৰ কীৰ্ত্তনে হোৱে নিঃশেষে সংহাৰ॥
কৃষ্ণৰ কীৰ্ত্তন মহা বহ্নিৰ সমান।
পাপৰ দাহক নাহি নামৰ সমান॥
যেন সুবৰ্ণৰ ধাতু মিশ্ৰ মল যত।
কেৱলে বহ্নিসে তাক হৰয় সমস্ত॥