পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
অসমীয়া সাহিত্যৰ চানেকি।

হৰিশ্চন্দ্ৰ উপাখ্যান।


পদ।


জৈমিনিব আগে পক্ষীগণ নিগদতি।
ঋষিক যাইবাৰ দেখি উঠিলা নৃপতি॥
শৈব্যায়ো বসিলা কুমৰক কোলে ধৰি।
চিন্তন্ত বসিয়া ৰাজা ঋষিক সুমৰি॥
আজি ঋষি শাপ সবংশে যাইবো তল।
কৈক যাইবো কি কৰিবো হৃদয় বিকল॥
গুণি একো কৰিবাক নোৱাৰন্ত থিৰ।
দেখি মহাদই দুনাই বোলে ধীৰ ধীৰ॥
এভো হেন কৰা প্ৰভু মোৰ বাক্য ধৰা।
শাপ অগনিত পৰি বিপাঙ্গে নমৰা॥
মোক বিকিয়োক হিয়া কৰিয়োক থিৰ।
দক্ষিণাক শুদ্ধি হাত এড়ায়ো ঋৰিৰ॥
হেন শুনি ৰাজা আতি ভৈলন্ত বিতত।
কাদন্তে লোতক নাসে যেন কাষ্ঠৱত॥
শৈব্যাক বোলন্ত বান্ধৈ কৰা মোৰ বাক।
পৰম নিৰ্দ্দয় হুয়া বিকিবো তোমাক॥
মহাক্ৰূৰ পাপীজনো নাচৰে ইয়াক।
তাহাত অধম হৈয়া বিকিবো তোমাক॥
কেন মতে কণ্ঠৰ বজাইবো হেন বাণী।
হেন বুলি তৈৰ ঊঠি গৈলা তিনি প্ৰাণী॥
ভাৰ্য্যায়ে সহিতে গৈলা নগৰৰ মাজে।
বেঢ়ি বেঢ়ি তাসম্বাক সোধে সামৰাজে॥
কোন দেশী তোমৰা উত্তম তিনি প্ৰাণী।
কুমৰক দেখি দুগ্ধ লাড়ু দেই আনি॥
নৃপতি বোলন্ত শুনা নগৰীয়া লোক।
পৰম ঘাতুক মই নুশুধিবা মোক॥