পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২১ । ৰাতিপুৱাৰে পৰা গধূলিলৈকে বন কৰি তােমা- লােক প্রবর্ভাবলৈ ধন আর্জে। তেঁও (লােক) তােমালােক প্রতিপালন কৰিবলৈ যে বড়কৈ দুঃখ কৰে, তাক কেতিয়াও দুঃখ বুলি নে ভাবে। বৰং আপুনি নেখাই নিপিন্ধি ও তােমালােকক ভালকৈ খুৱাব পিন্ধাব পাৰিলে সন্তোস হে পায়। কেনেকৈ তােমালােকে বিদ্যাৱন্ত জ্ঞানৱন্ত আৰু গুণৱন্ত হবা, তালৈ হে সদাই পুৰুষাৰ্থ কৰে। তােমালোকক পঢ়াশালীত পঢ়িবলৈ দি মাহিলি মাচুল আৰু কিতাপ অাদি কিনিবলৈও ধন দিয়ে। তােমালোকৰ মাৰাই দহ মাহ গর্ভধৰি, বড়কৈ দুঃখ সহিও তােমালােকক জন্ম দিছে। যেতিয়া তোমালােকে নিচেই কেঁচুৱা আৰু ভেলেঙ্গা অছিল, সহায় নােহােৱাকৈ থিয় হব বা আন একোকে কৰিব নােৱাৰিছিল। তেতিয়া তােমা। লােকৰ মাৰ। হে তোমালোকক কোলাত লই ফুৰিছিল, তোমালোকৰ ভােকৰ বেলিত পিয়াহ ‘দ ভোক গুছাইছি, তােমালােকে কান্দিব ধৰিলে আদৰেৰে চুমা খাই নচুৱাই নচুৱাই নিচুকাইছিল, তােমালোকৰ কোনে! নৰিয়া হলে বােগীৰ নিচি-