পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ ] প্রিয় লৰা বিলাক ! তােমাললাকে কেতিয়াও বেয়া লৰা বিলাকে সইতে নুফুৰিব।। সদাই সিহঁতৰ পৰা আঁতৰত থাকিবা। হাতী। চাই ঠেঙ্গীয়া যিমান জন্তু আছে সকলোতকৈ হাতী ডাঙ্গৰ। কোনাে কোনাে হাতী ন দহ হাত মান ওখ হয়। আমাৰ দেশত, আৰু আফ্রিকা নামেৰে এখন দেশ আছে, তাত তাৰ জনম হয়। হাতী প্ৰায়েই ধোঁৱা বৰণীয়া। ঠাইএ ঠাই এ বগা হার্তাও পােৱা যায়। মান দেশৰ ৰজাই বগা হাতী পােহে। হাতীৰ চকু অতি সৰু, কাণ কুলাৰ নিচিনা বহল, ডিঙ্গি চুটি। হাতীএ শুড়েৰে খােৱা বস্তু তুলি লয় আৰু তাৰেই পুখুৰীৰ পৰা পানী লই মুখত ভৰায়। সি শুড়েৰে মাটিৰ পৰা অতি সৰু বস্তুকো তুলিব পাৰে । মত। হাতী বোৰৰ বড় বড় দুট। দাত ওলায় । মানুহে তাৰে ফণী, পাশা আদি কৰি অনেক বস্তু সাজে। মাইকী হাতীৰ তেনেকুৱা বড় দাত ন হয়। তাই এটা এটা পােৱালি জন্মায়।