পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুসঙ্গ। যি বিলাক লৰাই সদাই বেয়া কাম কৰি ফুৰে, সিহঁতে সইতে ভাল লৰাই সঙ্গ কৰা অযুগুত। কিয়নাে, সদাই সিইতে সইতে ফুৰি চাকি পিছে সিহঁতৰ নিচিনা হব গই। এটি ভাল লৰাই যদি কেত বােৰ বেয়া লৰাৰে সইতে থাকে, তেন্তে সি কেতিয়াও ভালে থাকিব নােৱাৰে ; কিন্তু ভাল সঙ্গ পালে বেয়া লৰাও ভাল হয়। কোনাে বনৰ মাজত এটা বাহঁত ময়না চৰাইৰ দুটা পােৱালি হইছিল। তাৰ এটা এজন মহন্ত মানুহে, আনটো এজন মুচিয়াৰে নিলে। প্রথম টোএ সাধুসঙ্গত পড়ি সাধুমাত মাতিবলৈ শিকিলে । সেই মাত শুনি সকলোৱেই বড়কৈ হর্ব পালে আৰু প্রশংসাও কৰিলে ; কিন্তু দ্বিতীয় টোএ কুসঙ্গত পড়ি কুমাত শিকিলত তাক শুনি সকলােৱেই বিৰক্ত হল। বিবেচনা কৰি চোৱাচোন, একে বাহত একে চৰাইৰ পৰা ওপজা দুটা পােৱালি সঙ্গ দোস গুণত কেনে ভিন ভিন অৱস্থা পালে ? লৰা বিলা- কবে ঠিক ঠাক এনে গতি হয়। এতেকে হে