পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৬৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিশিষ্ট ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পর্কে কেইটিমান অভিমত অল্পী , ২ নুৱাৰী, ১৯৩৮ মই নৰিয়াত পৰি থাকি ডিব্ৰুগড়লৈ আহােতে বাটত গুৱাহাটী ৰেল ষ্টেচনত মেথি ভাঙৰীয়াৰ মানুহ এজনে কিতাপখন মােৰ হাতত দি যায়হি। লেলেতিয়া নৰিয়াত পৰি থকাৰ নিমিত্তে ইমান দিনে কিতাপখন মই পঢ়িব পৰা নাছিলাে। সম্প্রতি পঢ়ি শেষ কৰিছো। কিতাপখনৰ আকৃতি, কাকত আৰু ছপা ভাল ভাল বিলাতী কিতাপৰ দৰেই। ভিতৰত থকা আলচৰ বিষয়- আৰু প্ৰণালীও তেনেকুৱাই। মুঠতে বিদেশী বা দেশী যেই সেই পণ্ডিতৰ হাতত কিতাপখন বু ফিন্দাই তুলি দিবলৈ অলপাে শংকা নহয়। কিতাপখনৰ প্রত্যেক পাততে গ্রন্থকাৰৰ পাণ্ডিত্য ফুটি ওলাইছে। ইংৰাজীতে লেখা Introduction ডােখৰ বহুমূলীয়া সমল, তাৰপৰা শিকিবলৈ, জানিবলৈ আৰু জানি থকা জ্ঞান বহলাই লবলৈ বিস্তৰ বস্তু পােৱা যায়। মই পঢ়ি গৈ থাকোতে মেধি ডাঙৰীয়াৰ প্রতি মােৰ অন্তৰৰপৰা ওলােৱা শলাগৰ ধাৰ ছিগা নাছিল। Introduction আৰু পিছত কিতাপৰ গাৰ আচল বস্তু অসমীয়াত লিখা ব্যাকৰণৰ অংশতাে গ্রন্থকাৰে তেওঁৰ পাণ্ডিত্যৰ প্ৰচুৰ চিনাকি দিছে। কোনাে কোনাে ঠাইত অৱশ্যে তেওঁৰে সৈতে মােৰ মতৰ মিল হােৱা নাই, সেইটো নকলেও হব। তথাপি তেওঁৰ ব্যাখ্যা, উদাহৰণ আৰু গবেষণাই তেওঁৰ লিখাৰ ফালে মােৰ গভীৰ শ্ৰদ্ধা আকর্ষণ কৰিছে। বাস্তবিকতে, অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ সম্পর্কে গ্রন্থকাৰৰ এই কীর্তি ইংৰাজীৰে কবলৈ গলে monumental; এইখন যে লেখত লবলগীয়া এখন গ্রন্থ তাত সন্দেহ নাই। লক্ষ্মীনাথ বেজবৰুৱা MAN IN INDIA Vol. xVIII No. 1: January-March, 1938, page 80 | So far as we know, this is the first exhaustive scientific grammar of the Assamese Language written in the Assamese tongue. In an elaborate introduction of 124 pages the author discusses the origin and antiquity of the Assamese Language, the different component elements in the language and culture of the Assamese people, and the history and characteristics