পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছাৰিণ আধ্যা ব্যয় (Indoclinable) ৪০৫। যাৰ ব্যয় বা পৰিবৰ্তন নাই বা যি শব্দ লিজ, বিভক্তি আৰু বচন অনুসৰি পৰিবৰ্তিত নহয় তাৰ নাম অব্যয় ( Indeclinables)। অসমীয়া ভাষাত চাৰি বিধ অব্যয় আছেঃ- (১) বিভক্তিবােধক বা আনুষঙ্গিক অব্যয় (Preposition) (২) সংযােজক অব্যয় (Conjuction)। (৩) সম্মতি-অসম্মতি প্রশ্নাদি-সূচক অব্যয় (Particles of affirmation | and negation) (৪) ভাব-বােধক অব্যয় ( Interjection) ইয়াৰ বাহিৰে কিছুমান ক্রিয়াবিশেষণকে অব্যয় বুলিব পাৰি, কিয়নাে তাৰৰ পৰিবর্তন নহয় ($$ ৩৩৮-৩৪)। | (১) আনুষঙ্গিক অব্যয় (Preposition) ৪০৬। বিভক্তি-বােধক অব্যয় ইংৰাজী ভাষাৰ prepositionৰ অনুৰূপ, কিন্তু preposition নহয়। ইংৰাজী preposition সংজ্ঞাৰ আগত বহে ; কিন্তু অসমীয়া অব্যয় সংজ্ঞাৰ পাচত বহে। এই অব্যয়ৰ প্ৰায় ভাগেই সপ্তম্যন্ত সংজ্ঞা-শব্দ। (ক) তলত লিখা অব্যয় কেইটি যােগ হলে সংজ্ঞা বা সর্বনামত ষষ্ঠ বা প্রথমা বিভক্তি হয় বা কোন বিভক্তি যােগ নহয়। অনুসারে, t in accordance with, স, অসাঃ অনুসৰি । দিশে, দিকে } Toward, স. দিক পােণে, পিনে Toward, স. প্ৰগুণ (straight)