পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পাচত ‘দি ধাতু যােগ কৰিলে অনুমতি লােৱা অর্থ প্রকাশ কৰে। যেনে, কব-দি (let him speak); খাব-দি (permit him to eat); যাব-দি (permit me or him to go); ইত্যাদি। কেতিয়াবা এনে অর্থত ‘খােজ ধাতুও যােগ হয়। যেনে, মই যাব-পুজো (I wish to go); ইত্যাদি। (গ) স্বায়ত্ত (Aquisitives): ই অনুমতি-বােধক ধাতু ঠিক ওলােটা। প্রধান ধাতুটোৰ ক্রিয়ার্থ-ক্রিয়াৰ পাচত ‘পাৰ’ বা ‘পা’ ধাতু যােগ হলে এই মিশ্ৰধাতু ওলায়। যেনে, তই বহিব নােৱাৰ (you cannot sit); মই যাব নাপালে (I could not go); মই খাব পাৰৰ (I can eat); ইত্যাদি। (৩) কুন্তু বিশেষণ বা সংজ্ঞাৰ লগত সংযােগ (combination with verbal adjectives or nouns): ই সাধাৰণতঃ পৌনঃপৌনিক (frequentative) অর্থত চলে। পুনঃপুনঃ- একে কাম কৰা অৰ্থত আকাৰান্ত কৃদন্ত বিশেষণ বা সংজ্ঞাৰ পাচত কৰ ধাতু যােগ হয়। যেনে, পঢ়া-কৰ (prepare the lesson); অহা-যােৱা- কৰ, (continue coming and going); ইত্যাদি। (৪) নিত্যকৃতৰ সংযােগ (combination with perfect participles): কৃদন্ত সংজ্ঞাৰ নিচিনা এই সংযোগ হয়। যেনে, যােৱা-হ (consent to go); ধৰা-পৰ (to be caught); মৰা-পৰা (to be alled); দেখা-হ-( বা)-কৰ (to meet, to interview); ইত্যাদি। (৫) বিশেষ্য বা বিশেষণৰ লগত সংযােগ (combination with nouns or adjectives): কোনাে সংজ্ঞা বা বিশেষণৰ লগত কিছুমান সহায়কাৰী ধাতু এনেদৰে যােগ হয় যে উভয়ে লগ লাগি পৃথক অর্থৰ নতুন শব্দ কিছুমানৰ সৃষ্টি কৰে। ইহঁতক নামমাত্ৰ মিশ্ৰধাতু (Nominal compound roots) বােলে, কিয়লে ইহঁত বাস্তৱিকে বাক্যাংশ, মিশ্ৰধাতু নহয়। তলত এটি চুটি তালিকা দিলাে।