পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১ঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব যুদ্ধ নকৰিলাে হন্তে কোন কাৰ্য্য তাত। প্রাণক ত্যজিলে হন্তে এহিতে লঙ্কত। হনুমন্তে নকৰিল হন্তে হেন কাজ। বিভীষণে কেন মতে পাইল হন্তে ৰাজমা, ক, আনন পুছিলাতে কৈলা হন্তে তাতে | তুমি কৈলা যিতাে তেহ্ন।-দৈত্যাৰি তেঁহে নেদিলাত আমি পাইবাে কৈত বুলিলে কৰি নিশ্চয়।-দৈত্যাৰি ৩৮০। মুল (Derivation): ওপৰত অপূর্ণকৃৎ ( Imperfect participle)-ৰ মূল দেখা ($৩৫৭াক )। সংস্কৃত ভৱন্ (v)= মা. প্রা. হােংতে, ভবংতে বা হবংতে, প্রা, হােংততা, পু, অ, হন্ত, হস্তে, অ, হেতেন। স, ভৱিত (past participle) মা. প্রা. ভবিদে, হবিদে ইত্যাদি =হইদে=হইড়ে =হইলে = অ. হলে বা হলি ( $৩৫৭খ দেখা)। অত’ৰ মূল আগেয়ে দিয়া হৈছে ( $৩৫৭)। ৩৮১। সম্ভাব্যভুত (Preterite conditional) (ক) ভূত অসমাপিকাৰ পাছত সদাই সম্ভাব্যভূতৰ ব্যৱহাৰ হয়। যেনে, মই খালাে হয় বা হেতেন (I would have eaten it)। ই সম্ভাব্য- ভূতৰ বাক্য। ইয়াৰ আগত ভূত অসমাপিকাৰ বাক্য এটি (যেনে, কুঁহিয়াৰ পােৱা হলে বা হেতেন, Had I got sugarcane) অৱশ্যে থাকিব। ইয়াৰ প্রত্যয় ‘হেতেন’ বা ‘হয়’ (বা হই) আৰু ই সকলাে পুৰুষ আৰু বচনতে। চলে। যেনে, মই কোৱা হেতেন সি আহিল হয় (Had I asked he would have come); তুমি যােৱা হেতেন ময়াে গলােহেতেন (Had you gone I would also have come); সি পঢ়া হলে ময়াে পঢ়িলাে হয় (Had he read I would also have read ); ইত্যাদি। এই কালৰ ব্যৱহাৰ ভূত অসমাপিকাৰ দৰে। কেৱল পার্থক্য এই যে সম্ভাব্য- ভূতত ‘আ’ প্রত্যয়ান্ত নিত্যকৃৎ ব্যৱহৃত নহৈ সদাই ইল বা অল প্রত্যয়ান্ত নিত্যকৃৎ (perfect participle) ব্যৱহৃত হয়। যেনে, পঢ়িলােহেতেন, খালাে হয় (বা হই)।