পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৩ বিভক্তি মূল (খ) হতে, স’ে: ওপৰত কৈ অহা হৈছে ( ২৩৩) যে প্রাকৃতত ‘হিংতাে’, ‘সুংতো আৰু অপভ্রংশত ‘হােতউ’, ‘হােতও’, ‘সােতউ’, ‘সােতও পঞ্চমী বা অপাদান- কাৰক বিভক্তি। হােংতওৰ পৰা হিন্দী হংতল’ বা ইত’ আৰু অসমীয়া হতে ওলাইছে। হংত’ শব্দৰ ৭মীত হতে হয়। অপভ্রংশ হােত, বা হােতও সংস্কৃত ভূ খাতু কৃদন্ত পদ (present participle)। সংস্কৃত ভূ আৰু অস ধাতুৰ কৃদন্ত বিশেষণ প্রাকৃতত হিংতাে আৰু সুংতত হয়। স’ শব্দ বৈদিকতে অ ধাতু কৃদন্ত বা present participle। ৭মীত উভয়ে হংতে আৰ সংতে হয়। তাৰ পৰাই অসমীয়া হন্তে আৰু সন্তে ওলাইছে। হিন্দীত সন্তে’ৰ ঠাইত ‘সে’ হয় আৰু বঙ্গালীত 'হন্তে’-ৰ ঠাইত হইতে হয়। ই পঞ্চমী বিভক্তি। | ডাক্তৰ কেলোগে অনুমান কৰে যে ‘সং = সংস্কৃত সম’ (with) আৰু ‘তে' সংস্কৃত ৫মী বিভক্তি ‘ত বা সংস্কৃত সপ্তমস্ত পদ তৰিতে (তৃ ধাতু) শব্দৰ ‘তে'। অসমীয়াত এই দুই শব্দ যুক্ত হৈ সম্+ তে=সন্তে হব পাৰে আৰু স’ৰ ঠাইত ‘হ’ হলে ‘সন্তে’ বা ‘হন্তে’ হব পাৰে। কিন্তু এই মত ঠিক বুলি বিশ্বাস নহয়, কিয়নো প্রাকৃততে আমি হােংতে, সােংতে পাইছে। ২৭৫। সম্বন্ধ-পদৰ চিন (Genitive case-affix) : পুৰণি অসমীয়াত গীত, ভটিমা আদিত ‘কেৰি' বুলি এটা শব্দ ষষ্ঠ বিভক্তিৰূপে ব্যৱহৃত হৈছিল। যেনে, জয় গুৰু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি উপাম।-মা. দে, লীলা বিনােদী কন্ধুকৌমুদী চক্রকেৰিকুঞ্জধাৰ।-শৱৰ প্রাকৃতত কেৰাে’ ‘কো' ‘কেৰং আৰু অপভ্রংশত ‘কেউ' , ১। “ক্রিয়াতিপত্তে মানো।', হেমচ, ৩১৭৯১৮। এ. হােং, হােমা- এতবিদিত্য। ২। Macdonell's vedic Grammar, 1 86. স present part of , (to be). । Kellogg's Hindi Gummar, 8 07. ।। ইমর্থ কে।', হেমচ, ২০১৪ তুহকেৰাে=স, মুমীঃ (yours), হকেৰােগ, অশ্বীয় (ours) ৫। পৰ্যাম কলিকে চ।, হেমচ, ২১৪৮; পা , পাৰকে পৰকীয় (of others): ইং, ৰাজকোকীয় (of king)। | । বিয়াৰ হে, হেমচ, ০৩৫। হে কেউ-তাঃ ঃ (done by her): 'কহে কেসে , কন্যাঃ কৃত (done by whom)।