পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰক (২) আৱশ্যকবােধক (Dative of necessity)—যেনে, আমি সভাক যাব লাগিব বা সভালৈ যাব লাগিব। (cf. হি.-পর্বকো পচা চাহিয়ে)। (৩) সম্বন্ধবােধক (Dative of possession)-পুৰণি অসমীয়াত সাধাৰণতঃ প্রচলিত; যেনে, বিদূৰক লাগি চান্ত হুৱা উঠি থিয়া-শঙ্কৰ গাৱে উজাগৰে কৃষ্ণক গীত।শঙ্কৰ। তাক নকহিলাে পদ বাহুল্যক দৰে।শঙ্কৰ যদিবা আমাকে স্নেহে আইলা গােপগণ।—শঙ্কৰ ইয়াত ‘ক’ বাস্তবিকে ৬ষ্ঠৰ চিন। (৪) উদ্দেশ্যৰূপ কাৰণবােধক (Dative of cause)—যেনে, সি ধানক বা ধানলৈ গৈছে ( অর্থাৎ ধান আনিবলৈ গৈছে)। হেন জানি সাজিবােহাে দুর্গ দ্বাৰকাক। | মনুষ্য নপাৰে যেন তাক লঙ্বািক।—শঙ্কৰ এনে ঠাইত সম্প্রদান ক্রিয়াবাচক। ২৬৩। অপাদান কাৰক (Ablative case) যাৰ পৰা কোনাে বস্তু পৃথক হয় বা ভয়, ত্রাণ, জন্ম, বাণ, পৰাজয়, বিৰাম, আদান, বা অন্তর্ধান হয় তাক অপাদান কাৰক বােলে। অপাদান কাৰকত ৫মী বিভক্তি হয়। যেনে, হাটৰ পৰা চাউল আনিলাে। তলত লিখা শ্ৰেণীত অপাদান কাৰক বিভাগ কৰিব পাৰি :- | (১) স্থানীয় অপাদান (Local ablative)—যি ঠাইৰ পৰা চলন, পতন, মিলন, বিশ্লেষণ ইত্যাদি হয় তাৰ নাম স্থানীয় অপাদান। যেনে, সি হাবিৰ পৰা ঘৰলৈ আহিল ; মস্তকৰ পৰা পাদ পৰ্যন্তে।'—শঙ্কৰ। | (২) সাময়িক অপাদান (Temporal ablative)—যি সময়ৰ পৰা জন্ম, উৎপত্তি, আবির্ভাব ইত্যাদি হয় তাক সাময়িক অপাদান বুলিব পাৰি। যেনে, পুৱাৰ পৰা গধূলিলৈ বাট হাটিছছ; তেতিয়াৰ পৰা মই যােৱাই নাই। (৩) উৎপত্তি বা কাৰণবােধক (Abative of source and cause) —যেনে, তই কি পাপৰ পৰা এনে মূখ হলি; কুঁহিয়াৰৰ পৰা গুড় হয় ; ইত্যাদি। (৪) ব্যৱহাৰবােধক (Ablative of use)—যেনে, ইয়াৰ পৰা কি কাম ; ঘােড়াৰ পৰা সময় ৰক্ষা হয়; ইত্যাদি।