পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৫ পদাৰ্থ আৰু (৩) দোষ, গুণ বা অৱস্থাববাধক শব্দৰ পাচত ‘ক’ যােগ নহয়। যেনে, (১) গােৰখীয়াই গৰু চৰায়, (২) হনুমন্তে লৱা পুৰিছিল, (৩) মােৰ দোষ নধৰিবা, ইত্যাদি। কর্মপদক অনিশ্চিতভাৱে ব্যক্ত কৰিব খুজিলে ‘ক’ যােগ কৰিব নালাগে। এই নিয়ম জ্ঞানী জীৱতাে খাটে। যেনে, সি পােয্যপুত্র ললে। কিন্তু কর্মপদ নিশ্চিতভাৱে নির্দেশ কৰিব খুজিলে জ্ঞানহীন বা অচেতন পদার্থ বা অৱস্থাববাধক শব্দৰ লগতে ‘ক’ যােগ কৰিব লাগে। যেনে, নলে শিলকো ওপঙ্গাব পাৰিছিল ; আপােনাৰ মহিমাক | আপুনি বেকত কৰি | জীৱক কৰিয়াে পৰিত্ৰাণ।—মা. দে.। সম্পদকে জানা মুহি সম্পদ। জানা আপদকো মুহি আপদ। আকৌ, বহুবচনৰ দ্বাৰা যেতিয়া সমষ্টিমাত্র নির্দেশ কৰা যায় তেতিষ ‘ক’ যােগ হয় ; যেনে, সি আয়তীসকলক বুলন দিছে ; শ্রীকৃষ্ণে ১৬০ ০০ কন্যাক প্ৰাগজ্যোতিষপুৰৰ পৰা লগত নিছিল। কিন্তু সমষ্টি নুবুজাই এটা এটাকৈ সকলােটিকে বুঝালে ‘ক’ যােগ নহয়। যেনে, সাড়াই ৰাইজ মাতিছে ; সি মেলকি গােটাইছে অর্থাৎ এটা এটাকৈ মাতিছে। একে বাক্যতে কর্ম আৰু সম্প্রদান থাকিলে সাধাৰণতঃ ‘ক’ যােগ নহয়; যেনে, বাসুদেৱে যশােদাক নিজপুত্ৰ দিছিল। (খ) সম্বন্ধী কর্ম (Cognate accusative)। | কেতিয়াবা কেতিয়াবা একে ধাতুৰ পৰা ওলােৱা বিশেষ্য সেই ধাতুৰ ক্রিয়াপদৰ কৰ্ম হয়। ইয়াক সম্বন্ধী কর্ম (Cognate accusative) বলে। যেনে, মাত নামাতিবি; এঘুমটি ঘুমাইছে; তেনে চাল চালিছে; এমাৰ মাৰিলে; চৰাইএ গীত গাইছে; ভৰণি ভৰিলে; বৰগণি বৰগিছে; বােল বুলিছে ; সার্থক বৰক বৰিলা সুন্দৰী কন্যা বৰ বিচক্ষণী।মা. দে। (গ) স্থানৰধক কর্ম ( Accusative of place) যি ঠাইলৈ যােৱা যায় সি কর্ম। যেনে, পাটলিপুত্ৰক চলক (cf. হিন্দী, ১। এঘুমতি’—এনেও হব পাৰে।