পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪১ বিভক্তিৰ আকৃতি লাগে। যেনে, হিন্দী ‘ঘােড়ো’, ইয়াত ‘ঘােড়’ৰ একাষযুক্ত ‘ঘােড়’ শব্দ। পুৰণি অসমীয়াৰ উদাহৰণ, ‘আৰ নেদেখিব ৰে! জীৱেৰ জীৱন বনমালী, শঙ্কৰ। মুৰাৰি পাটে থােপা পৰি পৰি হালে, দুর্গাৱৰ। ইয়াত একাৰযুক্ত জীৱে’, ‘পাটে’ তির্যক আকৃতি। বর্তমান অসমীয়াত আৰু সচৰাচৰ পুৰণি অসমীয়াতত শব্দটো তির্যক আকৃতিত ৰাখিছে নে নাই তাক সংজ্ঞা-শব্দ বিষয়ত ধৰিব নােৱাৰি, কিয়নাে আমি ওপৰত ( ২৪০ ) পাই আহিছে যে অপভ্রংশ প্রাকৃতৰ ষষ্ঠীৰ একবচনৰ চিন অহহ, ইহাে, উহহা অসমীয়াত অ, ই, উ ( অকাৰান্ত, ইকাৰান্ত আৰু উকাৰান্ত শব্দত) হয়। কিন্তু অসমীয়া সর্বনামৰ ৰূপ কৰোঁতে বিভক্তি যােগ কৰাৰ আগেয়ে আমি সর্বনাম শব্দটোক তির্যক আকৃতিত নাৰাখি নােৱাৰে। যেনে, তন্ শব্দৰ তির্যক আকৃতি পুল্লিজ একবচনত ‘তা আৰু বহুবচনত ‘তা’ বা ‘সি’ হয়। যেনে, তাক, তাৰ, তাত; সিহঁতক, সিহঁতৰ, সিহঁতত ; তাহঁতক, তাহঁতৰ, তাহঁতত ; ইত্যাদি। (৩) প্রাকৃত বৈয়াকৰণিকসকলে কয় যে ইদম্ অৰ্থত ষষ্ঠীৰ পাচত কেৰ শব্দ (post-position) যােগ হয়। এতিয়া আমি জাননা প্রাকৃতিক ভাষাত এই ‘কে’-( যেনে, হিন্দী,কৈ, কৰ; অসমীয়া—কেৰি, ক, ৰ; যেনে, তাকেৰি, তাক, তাৰhis )—শব্দৰ তির্যক আকৃতিৰ লগত হে যােগ হয়। এতেকে প্রাকৃতিক ভাষাৰ তির্যক আকৃতি আৰু প্ৰাকৃতৰ ষষ্ঠ আকৃতি একে। | (৪) প্রাকৃতৰ সকলােকে একাকাৰ কৰিব খােজা লক্ষণে অপভ্রংশত সকলো কাৰককে নি এটা কাৰকত অর্থাৎ ষষ্ঠী বিভক্তিত পৰিণত কৰিছিল ( $ ২৩০)। এতেকে প্রাকৃতিক ভাষাৰ সকলাে বিভক্তিতে থাকা শব্দৰ সাধাৰণ আকৃতিটো ষষ্ঠী বিভক্তি ভিন্ন আন একো নহয়। | ২৪২। অপভ্রংশ আৰু প্রাকৃতিক ভাষাৰ বিভক্তি একাকাৰ হােৱাৰ পিচত ভিন ভিন বিভক্তি নির্দেশ কৰিবলৈ শেষৰ কালত প্রাকৃতিক ভাষাসৱত তির্যক আকৃতিযুক্ত শব্দৰ পাচত ভিন ভিন সংজ্ঞ-বিভক্তি (post-position) যােগ কৰাৰ নিয়ম হ’ল। অসমীয়াত এই ভিন ভিন শব্দ-বিভক্তিৰ (post- position) চিন—ক, দি, ৰে. লৈ, লাগি, ৰ আৰু ত। এইদৰে সংস্কৃত 18 কেৰ। হেমচ, ২১৪৭। যুম্মদীয়=তুমহকেৰে; অম্মদীয় ১ “ইদমর্থ হিকেৰে।