পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিঙ্গ | (গ) অক্ষি অর্থবাচক আৰু বচনাদি সংস্কৃত ক্লীবলিঙ্গৰ শৰ প্ৰাকৃতত পুল্লিঙ্গ স্বৰূপেও প্রয়ােগ হয় (হেমচ, ১৩৩)। যেনে, স, অক্ষীণি eyes , অচ্ছী, অষ্ট, অচ্ছই, অ, আঁখি; স. চক্ষুষি eyes, প্রা, চক, চকবই, অ, চকু, চখু। বচনাদি :-যেনে, স, রচনানি speeches, প্রা. বয়ণা, বয়ণাইম ( হে, ১১৭৭), অ, বয়ন (যেনে, সেই বয়নে কৈছে-stated in that manner; c. $ ১৪৪ ); স: কুলং race, family, . কুলাে, কুল, অ. কুল (caste)। সংস্কৃত ম’ =প্রা. ম আৰু স. আনি= প্রা. আইম, ক্লীবলিঙ্গ। (ঘ) গুণাদি সংস্কৃত পুল্লিঙ্গ শব্দ প্রাকৃতত ক্লীবলিঙ্গতাে প্রয়ােগ হয় (হেমচ, ১৩৪ )। যেনে, স. গুণাঃ qualities, প্রা. গুণাই, গুণা, অ. গুণসৱ ; স. দেৱাঃ gods, প্রা, দেৱাই, দেৱা, অ, দেৱজাক; স. খড়গঃ a sword, প্রা, খগ, খগগগা, অ, খড়গ ; মণ্ডলাগ্রঃ a round or pointed sword, প্রা. মন্ডলগ; মন্ডলগগগা। | (ঙ) সংস্কৃত ইমনান্ত, আৰু অঞ্জলি আদি পুল্লিঙ্গ আৰু ক্লীবলিঙ্গ শৰ প্রাকৃতত স্ত্রীলিঙ্গ ৰূপেও প্রয়ােগ হয় (হেমচ, ১৩৫)। যেনে, স, এষ গৰিমা this greatness, প্রা. এস গৰিমা, এস গৰিমা, অ, এই গৰিমা। সেইদৰে প্রাকৃত—এসা মহিমা, এস মহিমা this glory; স, ধূতিমা cunningness প্রা. (এসা) ধুত্তিমা, (এস-) ধুত্তিমা, অ ধুর্তামি ; স. অঞ্জলিঃ hollow of the folded hands, প্রা. (এস) অঞ্জলী, (এস) অঞ্জলী; স. পৃষ্ঠং the back, প্রা, পিটুঠি, পিঠ, অ, পিঠি; স, চৌর্যং theft, প্রা, চোৰিআ, চোৰিঅম, অ, চুৰি ; স. ৰশ্মিঃ rope, cord প্রা. ৰম্মী, অ, ৰছি; স. গ্রন্থিঃ a mot প্রা. গঠী, অ, গাঁঠি; ইত্যাদি। এনে শৰ অসমীয়াত ক্লীবলিঙ্গ। এতেকে আকৃতিৰ পৰা অসমীয়া শব্দৰ লিঙ্গ ঠিক কৰা অসম্ভব। | ২১৬। ইছলামিক শব্দৰ ভিতৰত কেৱল চেতন প্রাণী বুজুৱা শব্দৰ হে অসমীয়াত পুল্লি বা স্ত্রীলিঙ্গ ভেদ হয়। তদ্ভিন্ন আন সমুদায় আৰী আৰু ফাটী শব্দক ক্লীবলিঙ্গত ধৰা হয়। কিন্তু সেই সেই শব্দৰ ৰূপ পুলিঙ্গ দৰে। অসমীয়া স্ত্রীপ্রত্যয়ে অসমীয়াত সােমােৱা ইলামিক শৰৰ স্ত্রীপ্রত্যয় হয়। যেনে,