পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩) কাৰৰ কাৰৰ মতে লিঙ্গভেদ কৰি নােৱাৰা জীৱৰ নাম। যেনে, পৰুৱা (an ant), পতঙ্গ (insec). চাহী (a mite ), জোক (a leech). শামুক (snail), মাছ (fish), ইত্যাদি। মতা (male) বা মাইকী (female) শব্দ যােগ কবি ইসৱৰ লিঙ্গভেদ কৰা হয়। যেনে, মতা মকৰা (male spider ), মাইকী মকৰা (female spider ), ইত্যাদি। কেতিয়াবা, মাতা, মাতী শব্দ যােগ কৰা হয়। এনে শক উভয় লিঙ্গত থােকা উচিত। | চতুর্থত, কিছুমান শব্দ দ্বিলিঙ্গবাচক (common gender); যেনে, গৰু (cattle), পহু (deer, animal), ছাৱাল (child), চৰাই ( bird ), পােৱালী, পােৱালি (young of animals or birds), দামুৰি (calf), ইত্যাদি। পঞ্চমত, কিছুমান শব্দ নিত্য স্ত্রীলিঙ্গ-বাচক। তাৰ পুলিঙ্গবাচক শব্দ নাই ; যেনে, আয়তী (woman having husband ), পােহাৰী (female stall-keeper or hawke), পােৱাতী (a woman after confinement ), গাভৰু (a maiden). খীৰতী বা দুৱনী (milch cow or buffalo), অপ্সৰা (celestial damsel ), গাভিনী (pregnant woman or animal) ইত্যাদি। | কোনাে কোনােৱে ককাই, ভাই, আদি শব্দক নিত্যপুঙ্গি আৰু ভনী, জীয়াৰী আদিক নিত্যস্ত্রীলিঙ্গ বুলি ধৰে। কাউৰী, মেকুৰী, বগলী আদি শব্দ বাস্তৱিকে স্ত্রীলিঙ্গ, কিন্তু বর্তমানত বহুত ঠাইত ইসৱক দ্বিলিঙ্গবাচক (of common gender) বুলি ধৰে। ২১৪। মূল (Derivation): (ক) ওপৰত দিয়া সমুদায় নিয়ম মূল দিয়া সম্ভৱপৰ নহয়। কিন্তু মােটামুটি এই কথা কব পাৰি যে জাতি, গুণ বা অস্থাবাচক সাধাৰণ সংস্কৃত শব্দৰ লিঙ্গ অনুসৰি অসমীয়া শবাে লিঙ্গ নির্দিষ্ট হয়। যেনে, পৰ্বতৰ নাম পুলিঙ্গ, কিয়নাে সংস্কৃত পর্বত, গিৰি আদি পর্বতবাচক শব্দ পুলিঙ্গ। সেইদৰে বাৰৰ নাম পুলিঙ্গ, কিয়নাে সংস্কৃত দিবস’, ‘বাসৰ’, ‘দিন’ (day) আদি শব্দ পুলিল। সংস্কৃত ‘তিথি (lunar day) শব্দ স্ত্রীলিঙ্গ। সেই দেখি অসমীয়া তিথিৰ নাম শ্রীলিঙ্গ। সংস্কৃত নদী’ (river) শব্দ স্ত্রীলিঙ্গ; সেই কাৰণে অসমীয়া নদীৰ নাম স্ত্রীলিঙ্গ। সাধারণতঃ অসমীয়াত পুৰুষৰ প্রকৃতি থাকা শৰক পুঙ্গি আৰু শ্ৰীৰ প্রকৃতি থাকা শব্দক স্ত্রীলিঙ্গ অভিহিত কৰা হয়। (খ) বড়াে ভাষাত অপ্রাণীবাচক আৰু জ্ঞানহীন জীবাচক শব্দ