পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় আধ্যা সন্ধি প্ৰকৰণ (Combination of Letters in Contact) ৪০। সন্ধি (Euphonic combination of sounds )-ওচৰা-ওচৰি দুই বৰ্ণৰ মিলন (euphonic combination) বা স্বল্পায়াসসাধ্য উচ্চাৰণ উপযােগী মিলনৰ নাম সন্ধি । অসমীয়া ব্যাকৰণত যিবিলাক সন্ধিৰ নিয়ম দেখা যায় সেইবিলাক বাস্তৱিকে সংস্কৃতত খাটে। সংস্কৃতৰপৰা লৰচৰ নােহােৱাকৈ অহা অসমীয়া অর্থাৎ “তৎসম” ( $ ২১০) শব্দত সংস্কৃত নিয়ম ৰক্ষা কৰা হয়। “তদ্ভৱ” বা “দেশজ” শব্দত এই নিয়ম নাখাটে। কিন্তু সংস্কৃত বা প্রাকৃতৰপৰা অসমীয়ালৈ শব্দ সিদ্ধ কৰি আনােতে অসমীয়া সন্ধিৰ নিয়মে শব্দ গঠিত কৰা হয়। অসমীয়া সন্ধিৰ নিয়ম বহুত তদ্ভৱ আৰু দেশজ শব্দততা খাটে। এই কাৰণে অসমীয়া শব্দৰ গঠন আৰু বিশেষত্ব জানিব খুজিলে অসমীয়া সন্ধিৰ নিয়ম জনা উচিত। ৪১। গুণ আৰু বৃদ্ধিসন্ধিৰ কিছুমান নিয়মে গুণ আৰু বৃদ্ধি হয়। গুণ বুলিলে সাধাৰণ স্বৰৰ আগত এটা ‘অ’ যােগ কৰা বুজায় ; যেনে— অ+ই (বা ঈ) =এ; অ+উ (বা উ)=ও; অ+ ঋ (বা ঋ)=অৰ। এইদৰে ‘ই’ বা ‘ঈ’ৰ ঠাইত ‘এ’, ‘উ’ বা ‘উ’ৰ ঠাইত ‘ও’ আৰু ‘খ’ (#) ঠাইত অৰ, হােৱাৰ নাম গুণ। বৃদ্ধি বুলিলে সাধাৰণ স্বৰৰ আগত এটা ‘আ’ যােগ হােৱা বুজায় ; যেনে—আ + ই (বা ঈ) =ঐ, আ+ উ (বা উ) = ও, আ+ ঋ (বা ঋ)=আৰ, বা অ+ এ = ঐ, অ+৪=৪, অ+ অৰ= আৰ। এইদৰে ‘ই’ বা ‘ঈ’ৰ ঠাইত ঐ, উ বা উ-ৰ ঠাইত ঔ আৰু ‘খ’ ঠাইত আৰ, হােৱাৰ নাম বৃদ্ধি। অটো নিজেই গুণ স্বৰ আৰু ইয়াৰ বৃদ্ধি হে হ'ব পাৰে। | ৪২। বৰ সম (Mutual relations of vowels)-একে স্থান বা অঙ্গৰপৰা ওলােৱা সাধাৰণ স্বৰ বা যুক্তৰক ( diphthong-ক) “সবর্ণ” বা একে ৰকম স্বৰ বােলে; যথা—ই, ঈ, এ, ঐ, এই কেইটা সবর্ণ। ভিন 11 ১। “তুল্যান্যষত্বং সব”। পাণিনি ১১৯