পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰণ ৩৫। অনুরূপ কর্ণ (Cognate letter)—ওপৰৰ তালিকা ($ ৩৪) ৩য় আৰু ৪র্থ ঘৰৰ কঠিন (উচ্চাৰণৰ) আখৰৰ অনুৰূপ কোমল (উচ্চাৰণৰ) আখৰ ৫ম আৰু ৬ষ্ঠ ঘৰত আছে। যেনে—তৃতীয় ঘৰৰ ‘ক’ আখৰ ৫ম ঘৰৰ ‘গ’ আখৰৰ অনুৰূপ। জিহ্বামূলীয় বৰ্ণক এড়ি ৫ম আৰু ৬ষ্ঠ ঘৰৰ প্রতি কোমল আখৰৰ আৰু ২য় ঘৰৰ প্ৰতি বৰবৰ্ণৰ অনুৰূপ বর্ণ অষ্টম আৰু নৱম ঘৰৰ অৰ্ধৰ্ষৰত আছে। যেনে—তালব্য বর্ণৰ অধৰ্ষৰ ঘ’ আখৰটো ৫ম ঘৰৰ জ’ আৰু ২য় ঘৰৰ ই, ঈ— অনুরূপ। আৰু জ’ আৰু ‘য়’ উভয়ে ই, ঈ—ৰ অনুৰূপ। আকৌ ওষ্ঠ্য বর্ণ ভিন্ন আন সকলাে ব্যঞ্জন বৰ্ণৰ নিজ নিজ উষ্ম বা ফোচ-ফোচনি সূচক বর্ণ দশম আৰু একাদশ ঘৰত আছে। (গ) অনুৰ আৰু বিসর্গ ৩৬। বিসর্গ (Surd aspirat “”) (৫)—এক কথাতে কব পাৰি অসমীয়া ভাষাত বিসর্গ (ঃ) নাই। প্রাকৃতৰ সময়তে বিসর্গ বহু ঠাইত পূর্ব স্বৰত বা পাছৰ ব্যঞ্জনত ভূক্ত হৈ লােপ হােৱাৰ প্ৰমাণ পােৱা যায়। অসমীয়া ভাষাতত সেইদৰে বিসর্গ লােপ পাইছে। কেৱল সেয়ে নহয় বিসর্গস্থানীয় স্বৰ বা ব্যঞ্জন বর্ণও অনেক সময়ত অসমীয়া ভাষাত লােপ হােৱা দেখা যায়। যেনে- অসমীয়া দুর্বলঃ (weak) দুবলা দুঃখং (pain) দুখং দুখ। ইত্যাদি বিসর্গ মানে “পৰিত্যাগ” (অর্থাৎ স বা ৰ, ত্যাগ)। আমি স’ বা ৰ'ৰ জোৰে উচ্চাৰণ নকৰি আমাৰ ৰাস লাহে লাহে উলিয়াই উচ্চাৰিত ধ্বনি শ্রুতিমধুৰ কৰিলে বিসৰ্গৰ উচ্চাৰণ পাওঁ। কিন্তু বাস্তবিক পক্ষে বিসর্গ সংস্কৃত শব্দত হে দেখা যায় ; আন শত বিসর্গ নাথাকে; যেনে--দু+খ= দুঃখ। পুৰণি অসমীয়াত বিসর্গ বা বিসর্গ স্থানীয় বৰ্ণৰ অলপ ব্যৱহাৰ আছিল। যেনে-“যদি বােলা মই বন্ধুসৱক নকৰৰ শােক, কিন্তু তাৰাৰ বিয়ােগে দুষ্ণ পাইবাে বুলি আপােনাকে শােক কৰোঁ, তাত শুনা: জেন অনিত্য অস্থি বিষয়সৰ সুখ দুক স্বভাৱে পুৰুষক শীত উক সুখ দুক দেয়ি তেমনে ইষ্ট বিয়ােগ-সজোগাদিয়াে সুখ-দু দিব: তাক সহন তুমি গ্রাভ