পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কওঁ ভাৰ ওবাসীয়ে এই সঙ্কেত মিচৰবাসীৰপৰা ধাৰ কৰা হলে সি ‘গ’ নুবুজাই ‘স' হে বুজালে হয়। এচিৰিয়ান মানুহে একেডিয়ান সাঙ্কেতিক চিহ্ন (বর্ণ) ধাৰ কৰোতে তাকে কৰিছিল অর্থাৎ মিচৰবাসীৰ লগত তেওঁলােকৰ বৰ্ণমালাৰ উচ্চাৰণ মিল ৰাখিছিল।” জেনেৰেল কনিংহমে অনুমান কৰে যে ব্রাহ্মী আখৰ ‘খ’ সংস্কৃত খনিত্ৰ (বা কোদাল, খন্ ধাতু)ৰপৰা, য’ যৱ বা মানুহৰ কোনাে এক অঙ্গৰপৰা, ‘দ’ দন্তৰ (দাতৰ) পৰা, ধ’ ধনুসৰ ( ধেনুৰ) পৰা, ‘প পাণিৰ (হাতৰ) পৰা, ‘ম’ মুখৰপৰা, ব’ বীৰপৰা, ‘ন’ নাসাৰপৰা, ‘ৰ ৰজুৰপৰা, হ’ হন্তৰপৰা, ‘ল’ লঙ্গৰ (লাঙ্গলৰ) পৰা বা মানুহৰ কোনাে এক অঙ্গৰপৰা আৰু ‘শ’ শ্ৰৱণৰ (কাণৰ) পৰা ওলাইছে। এইদৰে আন আন পালি বর্ণও, যেনে-অক্ষিৰপৰা ‘অ’, ঈষব (ঈহৰ) পৰা ‘ই (ঈ)', ওষ্ঠৰপৰা ‘ও', কুন্দ্রাক্ষ বা কুঠাৰৰপৰা ‘ক’, চামৰৰপৰা ‘চ’, ছত্ৰৰপৰা ‘ছ, ঝাবুৰপৰা ঝ’, টঙ্কৰপৰা (তৰােৱাল) “ট’, বৰিত গতিৰপৰা ‘ত', ফণীৰপৰা ‘ক’, আৰু স্তৱকৰপৰা ‘স’ ওলাব পায়। পালি (ব্রাহ্মী) আখৰ চিনা পাঠকে ইয়াৰ সততা সহজে অনুমান কৰিব পাৰিব। | ৫। বর্ণ নির্ণয়-অসমীয়া ভাষাত অ, আ, ই, ক, খ, গ আদি ৪৬টি বর্ণ আছে। বর্ণ দুবিধ—স্বৰ আৰু ব্যঞ্জন বা হল। স্বৰৰ অর্থ সংগীত ধ্বনি। ইয়াক আন বৰ্ণৰ সহায় নােলােৱা কৈ উচ্চাৰিত কৰিব পাৰি। ব্যঞ্জনৰ অর্থ স্পষ্ট বা ৰঞ্জিত কৰণ। যি বর্ণে স্বৰক ৰঞ্জিত কৰে সি ব্যঞ্জন বর্ণ। স্বৰ ভিন্ন ব্যঞ্জনৰ উচ্চাৰণ কৰিব নােৱাৰি। ৬। সৰ বৰ্ণ (Vowele)—অসমীয়া ভাষাত ১১টা স্বৰবৰ্ণ আছে। যথা, আদি স্বৰ—অ আ ই ঈ উ ঊ ঋ, এ, ঐ, ও ঔ। অন্ত্যস্বৰৰ চিন (0) । . ৈ ে। ইয়াত বাদে অসমীয়াত ‘অ’ আৰু ‘ও’ ৰ মধ্যবর্তী উচ্চাৰণ-বিশিষ্ট স্বৰ এটিৰৰ প্ৰচলন আছে; তাক “অ” বুলিব পাৰি। উদাহৰণ, ল’ৰা, ব’, গৰু, লক, ইত্যাদি। অ' ৰ প্রকৃত উচ্চাৰণ, যথা—কৰণ, অকৰণ, গমন, কলহ ইত্যাদি এই উচ্চাৰণৰপৰা ১। Dutt's Civiliation in the Buddhist Age, p. ii8. ২। “কোনাে কোনােৱে অনুমান কৰে যে সকৃত ‘ও’ৰ উচ্চাৰণ অসমীয়া অত কৰা যায়। সংস্কৃত ও অসমীয়া ৰ নিচিনা উচ্চারিত হােৱা উচিত। তেনেকৈ সংস্কৃত এ ইংৰাৰী Man শ - নিচিনা গতি হব লাগে। সংস্কৃত ঐ ইংৰাজী make শব্দৰৰ নিচিনা জাতি হ লাগে। গত 'আৰু 'আ’লী দু মাত্র প্রতে, উচ্চাৰণ একে। এত নাৰায়ণচন্দ্র দেৱ মিল।