এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অস্তুত ৰামায়ণ ।
১১
ৰাঘবক সেবা কবে সমীপে থাকিয়া ।
সবাৰো কুশল পথ বিচাৰ কৰিয়া ।
বিদুৰত থাকি সেবে আনো ৰাজাচয়।
সবাকে লাগিয়া প্ৰভু যি বোল বোলয় ॥৪৭
পত্র কৰি মাৰুতিৰ হাতত দিয়ন্ত ।
লাঙ্গুল দঢ়ায়া কপিবৰে দেখাৱন্ত ।
ৰাঘবৰ অজ্ঞকেসে সমস্তে জানয়
যাক যিবা অজ্ঞা হয় তাক আচৰয় ॥৪৮
মাৰুতি অঙ্গদ নীল তিনি মহাঁমতি।
চাহিল মাত্রকে জানে ৰাঘবৰ মতি ।
ৰাঘবৰ ইঙ্গিততে মনে আচৰয়
অনজনে তাক বুজিবাক নপাৰয় ॥৪৯
সভাদেখি বাকিৰকল্পিত হৃদয় ।
মনে মনে সৰ্পৰাজে পৰামৰিশয় ।
মায়াৰ ঈশ্বৰ ৰাম ত্ৰিভুবন পতি ।
কিমতে কুমৰ হৰি নিবোহেঁ৷ সম্প্ৰতি ।৫০
ৰামৰ সমীপে বসিআছে তুই ভাই ।
নিকট চাপিবে লাগি মোৰ শক্তি নাই ।
যদিব হৰন্তে জানে তিনি কপিবৰে
ইতিনি লোকত মোক কোনে ৰক্ষা কৰে।৫১