পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সজ নিয়ম cono (১) পৰিস্কাৰ হোৱা তোমালোক প্ৰথমে অন্তৰত পৰিস্কাৰ হোৱা তাৰ পাচত শৰীৰক পৰিস্কাৰ কৰাঁ। কোনেও লেতেৰা মানুহক ভাল নাপায়। পানী আৰু চাবোনৰ পৰা ভয় নাখা। (২) নম্ৰ হোৱা-তুমি যদি সকলোৰ লগত নম্ৰ আৰু দয়ালু হোৱা তেন্তে সকলো পাব পাৰা। বেয়া ভাষা ব্যবহাৰ নকৰিবা। তোমাৰ ভাই ভগ্নী বা আন কাৰৰ লগত গভাবে মৰা-কিলা নকৰিবা। (৩) সত্যবাদী হোৱা – মিছা কলে শেহত তোমাক কোনেও বিশ্বাস নকৰা হব। তোমাৰ টান হলেও সা কৰা। সত্যবাদী সকলোৰে বন্ধু। (৪) সকলোৰে বাধ্য হোৱা –পৃথিবীত সকলো মানুহেই বাধ্য হোৱা উচিত। বাধ্যতা নিমখৰ নিচিনা। নিমখ নহলে ভাত খাব নোৱাৰ॥ সোৱাদ নোপোৰ। তোমাৰ ওপৰৱালা সকলক তুমি বাধ্য হলে কেতিয়াও সন্তোষ দিব নোৱৰা। (৫) ধৰ্ম্মস্ত হোৱা—ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা আমি তেওঁক ধন্যবাদ দিয়া উচিত। তেৱেই আমাৰ প্ৰভু -আমি তেওঁক মানি চলা উচিত। তেওঁ আমাৰ পিতা –আমি তেওঁক ভাল পোৱা উচিত। (৬) পবিত্ৰ হোৱা—আমি আমাৰ ভাব চিন্তা, কথা বতৰা আৰু শৰীৰতে পবিত্ৰ হব লাগে। আমাৰ শৰীৰ পবিত্ৰ আত্মাৰ মন্দিৰ; সেই কাৰণে আমি ইয়াৰ প্ৰতি সপ্তাব ৰখা উচিত আৰু যি ইয়াক অপবিত্ৰ কৰিব পাৰে এনে কোনো কাম কৰা উচিত নহয়। (৭) অধ্যৱসায়ী হোৱা--কোনো কাম আধা কৰ নেৰিবা; তোমাৰ উদ্দেশ্যক লক্ষ কৰি যোবা। তুমি প্ৰভুৰ পৰ্বতলৈ উঠিছ। পূৰ্বতৰ টিং.নাপালেগৈ তুমি সুন্দৰ দৃশ্য উপভোগ কৰিব নোৱাৰা। তুমি যিহকে কৰা মন লাগি কৰা।