পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯)


কথা আমি শাস্ত্ৰৰ পৰা জানিব পাৰোঁ। অন্য সাংসাৰিক মানুহেও বলি দান কৰিছিল কাৰণ সকলো মানুহে জানিব পাৰিছিল যে এজন হে ঈশ্বৰ আছে আৰু তেওঁ মহৎ শক্তিমান্‌ আৰু যে মানুহ অতি তুচ্ছ আৰু নিৰ্ব্বলী, সেই দেখি তেওঁৰ সহায় বিচাৰে আৰু তেওঁৰ মিত্ৰ হয়।

যীহুদি বিলাকৰ আৰু সাংসাৰিক বিলাকৰ বলিদানত অনেক বিভিন্নতা আছে। যীহুদি বিলাকে আহিব লগীয়া এাণকৰ্ত্তাৰ নামত বলিদান কৰি ছিল। কিন্তু সাংসাৰিক বিলাকে অসত্য আৰু অসৎ দেৱ দেবী বিলাকৰ প্ৰতি বলিদান কৰিছিল; আৰু তেনে কৰি ঈশ্বৰক সন্তুষ্ট নকৰি কেৱল সিহঁতৰ ওপৰত অভিশাপ মাত্ৰ নমাইছিল। পুৰণি নিয়মত যীহুদি বিলাকৰ চাৰি প্ৰকাৰৰ বলিদান হৈছিল কাৰণ ঈশ্বৰৰ পৰা মানুহে যি কৰিব লগীয়া কাম পাইছে সেই মুখ্য কাম চাৰি প্ৰকাৰ।

 (১) তেওঁক সৰ্ব্বশ্ৰেষ্ঠ প্ৰভু বুলি স্বীকাৰ কৰা আৰু

  তেওঁৰেইহে পূজাকৰা উচিত।

 (২) সকলোৰে মনত ৰখা উচিত যে মানুহৰ সকলো বস্তু

  ঈশ্বৰৰ দান আৰু তাৰ নিমিত্তে তেওঁক ধন্যবাদ দিয়া উচিত।

 (৩) পাপৰ কাৰণে তেওঁৰ ওচৰত ক্ষমা বিচাৰ কৰা আৰু

  সেই পাপৰ ক্ষতি পুৰণ দিয়া উচিত।