পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰত বাতৰি

 ৰাঁচিঃ–ইয়াত চোট নাগপুৰৰ কাথলিক মিচনে গল্‌ডেন জুবিলী উৎসব পাতিছে। এই মিচন ইয়াত বহা ৫০ বছৰ হৈছে আৰু এই অতীত কাথলিক মণ্ডলীৰ কাৰনে সচাঁকৈয়ে বৰ গৌৰবৰ বিষয়। চোট নাগপুৰত প্ৰায় ৩০০০০০ হেজাৰ কাথলিক, কেই খন মান হাইস্কুল, কেইশ মান নিম্ন স্কুল, হস্পিতাল, অনাথ-আশ্ৰম আৰু বৰ সুন্দৰ সুন্দৰ গিৰ্জা আছে। ৰেভাৰেন্দ্‌ ফাদৰ লিভেন্সৰ নাম “চোট নাগপুৰৰ পাচনি” স্বৰূপে সদায় জিলিকি থাকিব।

 মাদ্ৰাজঃ অলপতে আমি জানিবলৈ পাইছো যে মাদ্ৰাজৰ মহামান্যবৰ বিচপ ৰাইট্‌, ৰেভাৰেন্দ মন্‌চিগনৰ, ই, মেডাৰলেট, এচ, চি, স্বগীয় হল। তেখেত কেই মাহ মানৰ আগতে আসামলৈও আহিছিল আৰু চিলঙত পতা সন্ত যোহন বস্কৰ উৎসৱত যোগ দিছিল হি। অতি বৃদ্ধ হলেও তেখেতে তেখেতৰ ডাঙ্গৰ ডাঙ্গৰ মিচন বোৰ চাই ফুৰি সকলোৰে উপকাৰ সাধি ফুৰিছিল। এদিন উত্তৰ আৰ্কটৰ এটি সৰু গিৰ্জাত পাপ-স্বীকাৰ শুনি থাকোতে তেখেতে হঠাৎ মৃত্যুৰ আহ্বান পায়, আহা আমিও তেখেতৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰে।

 বাণ্ডেলঃ --কলিকতাৰ অনতি দুৰত হুগলী নদীৰ পাৰত “সুখৰ সমুদ্ৰ যাত্ৰাৰ মাতৃৰ” সন্মানৰ উদ্দেশ্যে এটা অতি সুন্দৰ গিৰ্জা আছে। এই গিৰ্জা প্ৰায় ৩০০০ শতকৈয়ো অধিক বছৰৰ আগয়ে, আমাৰ মাতৃৰ মহতী কৃপাৰ দ্বাৰা সমুদ্ৰৰ ভীষন মুহাৰ পৰা সাৰি অহা কিছুমান নাবিকে সজাইছিল। প্ৰতি দিনে শই শই ধৰ্ম্মপৰায়ন যাত্ৰীয়ে এই গিৰ্জালৈ গৈ আমাৰ মহতী ঈশ্বৰ মাতৃৰ মধ্যস্থা কৃপা বিচাৰি প্ৰাৰ্থনা কৰে।

 যোৰহাট (আসাম)ঃ-কেই মাহ মানৰ ভিতৰতে ডিব্ৰুগড়, গৌহাটি, চিলং ইত্যাদিৰ নিচিনাকৈ কাথলিক চিষ্টাৰবিলাকে ইয়াতো হস্পিতালত কাম কৰিবলৈ যাব। এটা নতুন মিচন ইয়াত খোলা হব আৰু আশা কৰা যায় ইয়ো সাগৰৰ মাজৰ বৃহৎ বন্তিৰ নিচিনাকৈ চাৰিউ ফালে পোহৰ বিস্তাৰ কৰিব।