পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬ )

জ’ন বস্কৰ মহাত্ম্য।

পবিত্ৰ পিটাৰৰ গিৰ্জ্জাঘৰ- ৰোম।

 বৰ লোক সকলৰ মিছা গৌৰব ক্ষণস্থায়ী, কিন্তু তেওঁলোকৰ আচল মাহাত্ম্য যাউতি যুগীয়া।

 পৃথিবীত জয় হোৱা মহৎ পুৰুষ সকলৰ মাজত জ’ন বস্কও এজন। এই কাৰণেই আজি তেওঁৰ নাম সকলোৰ মাজত জনাজাত আৰু তেওঁৰ মহাত্ম্য পৃথিবীৰ শেষ পয্যন্ত জিলিকি থাকিব।

 মহা মানবৰ প’প - যি পৃথিৱীত আধ্যাত্মিক শক্তিত সকলোতকৈ শক্তিমন্ত, সেই সিদ্ধ পুৰুষে সিদিনা অলপতে কেই মাহমানৰ আগেয়ে ৰোমৰ চেণ্ট পিটাৰৰ ১০০,০০০ মানুহৰ এক বহুল জনতাৰ মাজত জ’ন বস্কৰ সম্মান দেখুৱালে। তাত শ্যাম দেশৰ ৰজা-ৰাণী, ইটালীৰ যুৱৰাজ, অনেক সেনাপতি আৰু ডাঙ্গৰ মানুহ উপস্থিত আছিল।

 চিগনৰ মুচোলিণীয়েও এই ক্ষুদ্ৰ পুৰোহিক ৰজা সকলৰ প্ৰকাণ্ড হলত সম্মান দেখুৱালে। ভাৰতবৰ্ষৰ পৰাও ৫০০ মানুহৰ এটা দল ৰোমৰ এই উৎসৱত যোগদান কৰিবৰ কাৰণে গৈছিল।

 তেতিয়া জ’ন বস্কৱে নিজ সজা সুন্দৰ গিৰ্জ্জা— যত তেওঁৰ মৃত-দেহ থোৱা হৈছে, সেই ঠাই টুৰিণৰ পাল আহিল। যদিও গোটেই দিন বৰষুণ