কৰিলে, নাম চেলেচিয়ান সৎসঙ্গ (সুসমাজ)। ল’ৰাবিলাকৰ নিমিত্তে যেনেকৈ চেলিচিয়ান লোক সকলে কৰে, তেনেকৈ, চিষ্টাৰবিলাকে ( মঠবাসীণীবিলাকে) “মাৰিয়া খ্ৰীষ্টানবিলাকৰ সহায় জীবোৰ” নামে ছোৱালীবিলাকৰ কাৰণে কৰে।
কিন্তু পবিত্ৰ জোহন বস্কৰ অসীম উৎসাহ আৰু পৰোপকাৰ ইয়াতে অন্ত নহল। তেওঁ ডেকা সকলক ভাল পাইছিল। সমস্ত জগতৰ যুৱকসকলে তেওঁল প্ৰেমৰ ভাগী হব লাগিছিল। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নিচিনাকৈ তেৱোঁ কৈছিলঃ “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা, কাৰণ তেওঁবিলাকৰ স্বৰ্গৰাজ্য”।
এই কাৰণে তেৱোঁ নিজৰ আধ্যাত্মিক পুত্ৰবিলাকক গোটেই জগততে পঠাই দিলে। এনেকৈ ইটালি, ফ্ৰান্স, স্পেইন, জাৰ্ম্মানি, ইংলণ্ড ইত্যাদি দেশবোৰে চেলিচিয়ান পাদ্ৰিবিলাকক বৰ আদৰেৰে অভ্যৰ্থনা কৰিলে। জোহন বস্কৰ আত্মা সচাঁকৈয়ে কাথলিক অৰ্থাৎ সকলোতে খটা আছিল। চেলিচিয়ানবিলাকে এমেৰিকা, এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰিলে। এই সকলোবোৰ মহাদেশত শিল্প কাৰ্য্যৰ স্কুল স্থাপন কৰিলে, যাতে হাজাৰ হাজাৰ ল’ৰা ছোৱালীয়ে অকপট আৰু সৰল স্বভাবেৰে জীৱন কটাই কামৰ অভ্যাস কৰে। ইয়াতে তেওঁবিলাকে নিজ দেশৰ, সজ, সৰল, মান্যবান্ আৰু সভ্য হবলৈ শিকে।
এই দেখি ভাৰতবৰ্ষই আৰু আসাম দেশে চেলিচিয়ান পাদ্ৰিবিলাকৰ কামত অমনোযোগী হব নে?