যোহন বস্কৰ নিয়ম
এই সপোনৰ পৰাই অকণি জ’নে তেওঁৰ ভবিষ্যতৰ কাৰ্য্য আৰু তাক সম্পূৰ্ণ কৰিবৰ উপায় বুজিব পাৰিলে। তেওঁ তেওঁৰ ল’ৰাবিলাকৰ নিমিত্তে যত্ন লব লাগিছিল, ঈশ্বৰ আৰু মানুহৰ প্ৰতি সিহঁতৰ কৰ্ত্তব্যত উপদেশ দিব লাগিছিল, আৰু এমুঠি ভাতৰ যোগাৰ কৰা উপায়ো শিকাব লাগিছিল। অতি দুখীয়া আৰু অভাৱত পৰা ল’ৰাবিলাক তেওঁৰ সুযোগৰ ভাগী হ’ব। সিহতক শিক্ষিত আৰু নগৰবাসী সকলো ভালমানুহতকৈ বেচি উপযোগী কৰিয়েই তেওঁ জীৱন কটাব। সিহঁতৰ কাৰণেই তেওঁ এক উপাসক-ঠাই কৰিব যাতে ল’ৰাবিলাকৰ ঈশ্বৰৰ প্ৰতি, চুবুৰীয়াৰ প্ৰতি, আৰু সিহঁতৰ নিজৰ প্ৰতিও যি কৰ্ত্তব্য তাক কৰিবলৈ তেওঁ সিহঁতক সহায় কৰিব পাৰে। তেওঁ সপোনত উপদেশ পাইছিল আৰু ইচ্ছা কৰিছিল যে তেওঁৰ ল’ৰাবিলাক নম্ৰ, সহিষ্ণু কিন্তু এক মন আৰু এক প্ৰাণৰ হব লাগে। তেওঁ এই বিষয়ত স্বৰ্গীয় প্ৰভুৰ আদেশ মানি চলিছিল। তেওঁ সৰুৰ লগত সৰু হৈছিল আৰু এই দৰে তেওঁ সিহঁতৰ মন পাইছিল। তেওঁ ভালকৈ জানিছিল যে সকলো মানুহে পঢ়া জীৱন ভাল নাপায়, আৰু ল’ৰাবিলাকৰ সকলোৰে ইচ্ছা একে নহয়, সেই কাৰণে তেওঁ অনেক শিল্প আৰু খেতিবিষয়ক শিক্ষাৰ স্কুল খুলিলে, যাতে সেইবোৰত ল’ৰাবিলাকে এক এক ব্যৱসায় শিকি সিহতৰ জীবিকা অৰ্জ্জন কৰিব পাৰে।
ইয়াতকৈ আৰু কিবা আচৰিত নিয়ম হব পাৰে নে?
⸺
শোক আৰু জলকা মোৰ ঘৰত ঠাই নাপাব।
যি ইচ্ছা তাকে কৰিব পাৰা, কিন্তু এটা কথাহে মই বাধা কৰোঁ সেয়ে হৈছে পাপ।
যদি তোমাক পাৰ্গত বুলি ভাবা, তেন্তে ঈশ্বৰক ধন্যবাদ দিবা আৰু তেওঁৰ মহিমা গাবা কাৰণ তেৱেঁইহে সকলো-কুশল-মঙ্গলৰ গৰাকী; কিন্তু অহঙ্কাৰী নহবাঁ, কিয়নো অহঙ্কাৰে পোকৰ নিচিনাকৈ তোমাৰ সকলো ভাল কামৰ গুণ আৰু যোগ্যতা নষ্ট কৰিবলৈ চেষ্টা কৰে। (ডন বস্ক)