পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)

যীচু তুমি আত্মাৰ মৰম
যীচু সন্তোষ, সুন্দৰ পদম
আহা, যীচু, আমাৰ হৃদয়
তোমাৰ হব বিশ্ৰাম নিশ্চয়


এক আচৰিত কুকুৰ

 ডন বস্কৰ জীবনীত আমি ঈশ্বৰে ডন বস্কক কিছুমান দুষ্ট মানুহৰ পৰা ৰক্ষা কৰি সহায় কৰিবলৈ পঠোৱা এক আচৰিত কুকুৰৰ বিষয়ে পঢ়িবলৈ পাইছোঁহঁক।

 এদিন ৰাতি ডন বস্ক বহুত ঘুৰি-ফুৰি ঘৰলৈ উভতি আহিছিল। ৰাতি বৰ আন্ধাৰ আছিল আৰু তেওঁ অকলে আহিছিল। এনে সময়ত দুটা ডকাইত সেই পুৰোহিতৰ ওপৰত এখন ডাঙ্গৰ কটাৰী লৈ বধ কৰিবৰ কাৰণে জপিয়াই পৰিল। কিন্তু তেওঁ ঈশ্বৰৰ বৰ প্ৰিয় আছিল আৰু তৎক্ষনাৎ ঈশ্বৰে তেওঁক সহায় কৰিলে। এটা বৰ প্ৰকাণ্ড কুকুৰ ডকাইত দুটাৰ ওপৰত পৰি ভূকি আচুৰি-কামুৰিবলৈ ধৰিলে।

 পিচত ডন বস্কই নিজৰ ওচৰলৈ কুকুৰটোক মতাতহে সি ডকাইত দুটাক এৰিলে আৰু সেই পুৰুহিতৰ লগে লগে ওৰে বাট গল। তেতিয়াহে ডকাইত দুটা পলাই সাৰিব পাৰিলে।

 আৰু কেইবা বাৰো সেই কুকুৰটোৰে ডন বস্কৰ জীৱন ৰক্ষা কৰিছিল। এই প্ৰকাণ্ড কুকুৰটো ক'ৰ পৰা আহিছিল, কোনেও কব নোৱাৰে কিন্তু ডন বস্কই জানিছিল যে ইয়াক ঈশ্বৰে তেওঁক প্ৰত্যেক বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে-পঠাইছিল।