পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

প্ৰভুৰ আহাৰ

 যীচু খ্ৰীষ্টই আমাৰ ত্ৰাণৰ নিমিত্তে স্বৰ্গৰ পৰা নামি অনেক দুখ শোক কষ্ট শ্ৰমৰ ভিতৰত প্ৰাণ ধাৰণ কৰিলে আৰু অৱশেষত আমাৰ প্ৰেমৰ কাৰণে ক্ৰুচৰ ওপৰত প্ৰাণ ত্যাগ কৰিলে। তেও আমাৰ নিমিত্তে আৰু বেচি কৰিলে। সৰ্ব্বশেষভোজনত তেওঁ আমাক অসীম প্ৰেমৰ চিন দেখুৱালে। শিষ্যবিলাকে ভোজন কৰোতে কৰোতে যীচুৱে ৰুটি লৈ তাক আশীৰ্ব্বাদ কৰিলে আৰু ভাঙ্গি সিবিলাকক দি কলেঃ “লোৱা এই মোৰ শৰীৰ”। তাৰ পাচত যীচুৱে পান পাত্ৰক লৈ স্তুতি কৰি সিবিলাকক দি কলেঃ “নতুন আৰু নিত্য নিয়মৰ যি তেজ অনেকৰ নিমিত্তে উলিওৱা হব সেয়ে এই ••••••মোৰ স্মৰণাৰ্থে ইয়াক কৰিবা।”

 ওপৰত দিয়া কথাবোৰৰ দ্বাৰা যীচুৱে ৰুটিক নিজ শৰীৰত আৰু দ্ৰাক্ষা- ৰসক নিজৰ তেজত পৰিবৰ্ত্তিত কৰিলে। সেই দিনৰ পৰা এতিয়ালৈকে পাচনি আৰু পাদ্ৰিবিলাকে যীচু খ্ৰীষ্টৰ মাজ্ঞা মানি পবিত্ৰ মিচ্চাৰ বলি- দানত ৰুটি আৰু দ্ৰাক্ষাৰস যীচু খ্ৰীষ্টৰ পবিত্ৰ শৰীৰ আৰু তেজত পৰি- বৰ্ত্তন কৰে। এই দেখি দিনে দিনে সৰ্ব্বতিকালে আৰু সৰ্ব্বত্ৰ যীচু খ্ৰীষ্টই