পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৩ ) দুটা বাট এই পৃথিবীত কেৱল দুটা বাট আছে; দুটাত কৈ বেচি নহয়। এটা বাটেদি এটা পৰ্বতলৈ উঠিব পাৰি; ই বৰ থেক কাইটীয়া, টান আৰু নিচেই কমেছে ইয়াত খোজ কাঢ়িব পাৰে। আনটো বাট ডাঙ্গৰ, সহজ আৰু ফুলেৰে ভৰা; বহুত মানুহে ইয়াত বগাব পাৰে। তুমি দুয়োটা বাট কলৈ গৈছে জানেন? প্ৰথমটো ওপৰলৈ গৈছে, স্বৰ্গলৈ ঈশ্বৰলৈ। দ্বিতীয়টো তললৈ, নৰ্কলৈ—চয়তানলৈ গৈছে। প্ৰথম টোৰ গুৰি অনন্ত জীৱন, স্বৰ্গসুখ, যি চিৰকাল থাকিব। দ্বিতীয়টোৰ গুৰি নৰ্কত অক্ষয় শাস্তি, য'ত হেপাহ নপলোৱা জুই। প্ৰথমটো সজ মানুহৰ বাট। দ্বিতীয়টো দুষ্ট মানুৰ বাট। কোনটোৱে তুমি যোৱা? তুমি প্ৰথমটোৱেদি সকলো কষ্ট আৰু যাতনাৰ মাজেদি কোনো বাধা নোহোৱাকৈ উঠিবানে? তুমি প্ৰকৃতে তোমাৰ পিতা ঈশ্বৰলৈ যোৱনে? তুমি তেওঁক পাবলৈ তোমাৰ এই পৃথিবীৰ সকলে.. অসৎ আমোঙ্গ-প্ৰমোদ আৰু লোভ এৰিবলৈ সাজুনে? > । আমাৰ প্ৰভু যীচু খ্ৰীষ্টই কৈছে, ময়েই বাট! যদি তোমাক অনন্ত ! জীৱন লাগে, মোক অনুসৰণ কৰা। যদি তোমাৰ দৰকাৰ, মোৰ লগত কুচন চিন কৰিবলৈ কালকেৰী পৰ্বতলৈ আহ; যদি তুমি তোমাৰ খম,