পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
 

অত্ৰান্ত নগৰৰ ৮০০ জন ধৰ্ম্মহত।

 ইটালী দেশৰ দক্ষিণ ফালে এখন ধুণীয়া সৰু নগৰ আছে। নাম অত্ৰান্ত। ইয়াত ইং ১৪৮০ চনৰ আগষ্ট মাহত,এটা ভয়ানক হত্যাকাণ্ড কৰা হয়। ৮১৪ মুনিহে যীচুৰ নিমিত্তে প্ৰাণ ত্যাগ কৰে। দ্বিতীয় মহহ্মদে খ্ৰীষ্টয়ান ধৰ্ম্ম ছাৰখাৰ কৰিব বুলি এখন ডাঙ্গৰ ফৌজ গোটাই ইটালী দেশলৈ পাল তৰি যাত্ৰা কৰে। সকলো ঠাইতে বৰ ভয়। অত্ৰান্ত নগৰৰ বাসিন্দা সকলহে নিৰ্ভয়। তেওঁলোক বাৰ হেজাৰ মাত্ৰ। শত্ৰুৰ ২০০ নাও আৰু ওঠৰ হেজাৰ ৰণুৱা।

 অত্ৰান্তৰ ওচৰ চাপি মুচলমান সেনাপতিয়ে তেওলোকক বশ মানিবলৈ কবলৈ পঠিয়ালেগৈ। কিন্তু উত্তৰটো এই ‘আমি, যীচু খ্ৰীষ্টৰ আৰু আমাৰ ৰজাৰ নিমিত্তে মৰিবলৈ সাজু।” সেনাপতি খঙত জলি পকি উঠিল। আৰু চহৰখন আক্ৰমন কৰিবলৈ আদেশ দিলে। পোন্ধৰ দিনৰ মূৰতহে মুচলমানে হেজাৰ বিজাৰ শৰ ওপৰত খোজ কাঢি নগৰ দখল কৰে। গীৰ্জাঘৰলৈ চোচা লৈ তাত গোটখোৱা ফাদাৰবিলাক আৰু ধৰ্ম্মাধ্যক্ষক কাটে। তাৰ পিচত সেনাপতিযে অৱশিষ্ট মানুহবিলাকক মতাই অনালে। আছিল ৮১৩ জন। মুচলমানে সিহঁতৰ গোটেই ভৰিৰ পৰা মুৰলৈকে এবাৰ খং জৰা চকুৰে চাই ললে। তেতিয়া সিহঁতক কৈ বোলে সিহত মুচলমান হৈ যাব যদি সিহঁতক বধ কৰক ছাৰি ধনহে দিব। কিন্তু সেই সাহসী মানুহ- বিলাকৰ এজনে অসাধাৰণ সাহসেৰে কলে “আমি যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুতেকতহে বিশ্বাস কৰো, আৰু তেখেতৰ নিমিত্তে মৰিবলৈ সাজু। ভাই সকল, আজিলৈ জন্মভূমিৰ কাৰণে আমাৰ ৰণ, আগলৈ আমাৰ আত্মাৰ, যীচু আমাৰ ত্ৰাণকৰ্ত্তাৰ নিমিত্তে আমাৰ যুজ।” চুলতানৰ খঙে চূলি পালেহি। কিন্তু ধৰ্য্য ধৰি পিচলৈ শাস্তি দিবৰ দৃঢ় প্ৰতিজ্ঞা হল। তিনি দিন উকলিলত চুলতানে সিহতক চহৰৰ সকলো বাটেদি চোচোৰোৱাই নিয়ালেগৈ। পিচে আকৌ সিহতক মতাই অনালেহি। তিনি দিন আগে কথা কোৱা জনে দুনাই মাত লগাই কলে। “আমি হলে মৰিম, হয়, কিন্তু যীচুক কেতিয়াও ত্যাগ, নকৰিম।” চুলতানে আৰু ধৰ্য্য ধৰিব নোৱাৰি