অশ্বকৰ্ণ বধ তাহাতে লগাইলা খাত ৰত্ন সুৱৰ্ণৰ। আলিন্ত চন্দ্ৰতাপ বহল বিস্তৰ॥ মুকুতা মুৰাৰি থোপা জিলিমিলি জ্বলে। লৈলন্ত ঘুগুৰা তাৰ ভয়ঙ্কৰ গলে॥ ৪৫৩ থৈলেক উপৰে ভোজনৰ বস্তু যত। শৃঙ্গ সম জ্বলে যেন ৰত্নৰ পৰ্বত॥ তাহাতে চৰিলা যেৱে দেৱ ত্ৰিনয়ন। ব্ৰহ্মময় চিৰঞ্জীৱ বৃষভ বাহন॥ ৪৫৪ প্ৰকাশ কৰয় নৱ আদিত্যৰ জ্যোতি। পৰম সুন্দৰ ধৌত দেহ জ্বলে আতি॥ দণ্ড-ছত্ৰে বাদ্য-ভাণ্ডে ধৰিলা যোগান। দল-দপ কৰে তান নসহে সন্ধান॥ ৪৫৫ যুদ্ধাৰু যতেক আছে আগত চলয়। হেন মেৰু গিৰিবৰ দেখিতে তেনয়।। কাৰো তিনি চাৰি হাত ত্ৰিশূল প্ৰচণ্ড। লহ লহ জিহ্বা মেঘ হোৱে খণ্ড খণ্ড॥ ৪৫৬ কাৰো তিনি কাৰো চাৰি কাৰো পঞ্চমুখে। পৰ্বতক গিলিবাক পাৰে অপ্ৰয়াসে॥ নিকটায় আছে দান্ত জাপ নযাৱয়। দেৱতা মনুষ্যে তাক দেখি পায় ভয়॥ ৪৫৭ উজটিতে নিয়ে দৈত্য দানৱ কটক। উলটি ভাঙ্গয় সব নছাৱে পাচক॥ কতো যুদ্ধ কৰি সেনা লাথিয়া মাৰিলা। দুই পৰ মানে ভূমিখান শূন্য ভৈলা॥ ৪৫৮ দেখিলেক দৈত্য বীৰ দেৱ ত্ৰিনয়ন। অৰ্জুন ভীমক দেখি কৰিলা বিমন॥ ১০৭
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮০
অৱয়ব